মুখ্যপৃষ্ঠা »খবৰ »অসম »Swachh Bharat Mission: গুৱাহাটীত 'স্বচ্ছ ভাৰত' ধোৱাচাঙত, জাবৰৰ দ'মে মাতিছে বিপদ

Swachh Bharat Mission: গুৱাহাটীত 'স্বচ্ছ ভাৰত' ধোৱাচাঙত, জাবৰৰ দ'মে মাতিছে বিপদ

গুৱাহাটীত "স্বচ্ছ ভাৰত" ধোৱাচাঙত: জাবৰৰ দ'মে মাতিছে বিপদ

গুৱাহাটীত "স্বচ্ছ ভাৰত" ধোৱাচাঙত: জাবৰৰ দ'মে মাতিছে বিপদ

পৌৰ নিগমৰ তৰফৰ পৰা ঘোষণা কৰা হৈছিল যে পথত জাবৰ পেলোৱা কোনো লোকক প্ৰত্যক্ষ কৰি ফটো উঠাই দিলে ৫০০ টকাকৈ পুৰষ্কাৰ দিয়া হ'ব । কিন্তু এই ঘোষণা সফল হোৱাটো বাদেই বহু নাগৰিকে ফটো দিয়াৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে পৌৰ নিগমৰ বিৰুদ্ধে ৷

  • Share this:
গুৱাহাটী, ৩১ মাৰ্চ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰত মিছন আঁচনি যেন ধোৱাচাঙত উঠিল ! গুৱাহাটীত স্বচ্ছতাৰ নামত কেৱল ভেকোভাওঁনা দেখিবলৈ পোৱা গৈছে । মহানগৰীৰ ভিন্ন প্ৰান্তত পৰি ৰৈছে জাবৰ । দ'ম দ'ম জাবৰে কঢ়িয়াই আনিছে নানা ধৰণৰ বেমাৰৰ আশংকা ৷

কিয়নো গুৱাহাটী পৌৰ নিগমৰ অমনযোগিতাৰ বাবে ভৰলু নদীকে ধৰি বিভিন্ন প্ৰান্তত মহানগৰবাসীয়ে পেলাইছে আৰ্ৱজনা । একপ্ৰকাৰ মিনি ড্ৰাম্পিং গ্ৰাউণ্ডলৈ পৰিণত হৈছে ভৰলু নদী । বিশেষকৈ গুৱাহাটীৰ ফটাশিল আমবাৰী অঞ্চল আজিও অপৰিষ্কাৰ হৈয়ে আছে । যি স্বাস্থ্যৰ কাৰণে অতিকে ক্ষতিকাৰক ।

অন্যহাতে জাবৰসমূহ ভৰলু নদীত পেলোৱাৰ বাবে প্ৰদূষিত হৈছে ভৰলুৰ পানী আৰু এই প্ৰদূষিত পানী পৰিছেগৈ নগৰখনৰ কাষেৰে বৈ যোৱা মহাবাহু ব্ৰহ্মপুত্ৰত । উল্লেখযোগ্য যে জাবৰ নিষ্কাশনৰ বাবে মহানগৰ প্ৰশাসনে বহু সিদ্ধান্ত লৈছে যদিও অদ্যাপি সফল হ'ব পৰা নাই ।

ফটাশিল আমবাৰীৰ চাইকেল ফেক্টৰীৰ ওচৰত অস্বাস্থ্যকৰ পৰিৱেশত জীৱন অতিবাহিত কৰিবলগীয়া হৈছে স্থানীয় লোকে । বহুতে অভিযোগ কৰা মতে, নলা-নৰ্দমাসমূহ পৰিষ্কাৰ কৰি সেই আৱৰ্জনাসমূহ বৰাগাঁৱৰ ড্ৰাম্পিং গ্ৰাউণ্ড বা অন্য ঠাইলৈ নিব লাগে যদিও জি এম চিৰ কৃপাত এন জি অ' আৰু ঠিকাদাৰ প্ৰতিস্থানে মিলি নৰ্দমাৰ কাষতে এইসমূহ পেলাই কেৱল দায়িত্ব সামৰে । যাৰ বাবে বাম হৈ পৰিছে নলাসমূহ ।

ইয়াৰোপৰি ফাচীবজাৰ বা লাখটকীয়া ১ নং ৰে'ল গেট অঞ্চলতো দেখা পোৱা যায় জাবৰৰ দম, য'ৰ পৰা অবিৰাম ওলাই দুৰ্গন্ধ । কিন্তু সাধাৰণ নাগৰিকৰ চকুত পৰা এই জাবৰৰ দম চকুত নপৰে জি এম চিৰ । অন্যহাতে পথত জাৱৰ বা আৱৰ্জনা পেলালে জি এম চিৰ তৰফৰ পৰা জৰিমনা বিহাৰ ব্যৱস্থা আছিল যদিও সেয়াও সফল হৈ নুঠিল ।

পৌৰ নিগমৰ তৰফৰ পৰা ঘোষণা কৰা হৈছিল যে পথত জাবৰ পেলোৱা কোনো লোকক প্ৰত্যক্ষ কৰি ফটো উঠাই দিলে ৫০০ টকাকৈ পুৰষ্কাৰ দিয়া হ'ব । কিন্তু এই ঘোষণা সফল হোৱাটো বাদেই বহু নাগৰিকে ফটো দিয়াৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ উঠিছে পৌৰ নিগমৰ বিৰুদ্ধে ৷

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি