মুখ্যপৃষ্ঠা »খবৰ »অসম »Guwahati News: মহানগৰীত এজন যুৱকক চুৰিকাঘাত অচিনাক্ত দুৰ্বৃত্তৰ, GMCH ত ভৰ্তি আঘাতপ্ৰাপ্ত যুৱকজন

Guwahati News: মহানগৰীত এজন যুৱকক চুৰিকাঘাত অচিনাক্ত দুৰ্বৃত্তৰ, GMCH ত ভৰ্তি আঘাতপ্ৰাপ্ত যুৱকজন

অচিনাক্ত দুৰ্বৃত্তই এজন যুৱকক চুৰিৰে হানি খুচি হত্যা কৰাৰ অপচেষ্টা কৰে। (Representative Image)

অচিনাক্ত দুৰ্বৃত্তই এজন যুৱকক চুৰিৰে হানি খুচি হত্যা কৰাৰ অপচেষ্টা কৰে। (Representative Image)

ভৰলুমুখ আৰক্ষী থানাৰ নাতিদূৰৈতে সংঘটিত এই চুৰিকাঘাতৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

  • Share this:
অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে গুৱাহাটী মহানগৰী। তাৰেই পুনৰ প্ৰতিফলন ঘটিল মহানগৰীৰ কুমাৰপাৰাত। অচিনাক্ত দুৰ্বৃত্তই এজন যুৱকক চুৰিৰে হানি খুচি হত্যা কৰাৰ অপচেষ্টা কৰে। এই ঘটনাত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয় অচিনাক্ত যুৱকজন।

উল্লেখযোগ্য় যে, ভৰলুমুখ আৰক্ষী থানাৰ নাতিদূৰৈতে সংঘটিত এই চুৰিকাঘাতৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। অচিনাক্ত যুৱকজনক ভৰ্তি কৰোৱা হৈছে জিএমচিএইচত। যুৱকজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ইফালে, দুৰ্বৃত্তক বিচাৰি ভৰলুমুখ আৰক্ষীৰ অভিযান অব্যাহত আছে।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি