গুৱহাটী মহানগৰীৰ ভৰলুৰ এটি ৰোডত অঘটন । দুই মহলীয়া অট্টালিকাৰ পৰা জাপ দিয়ে এজন যুৱকে । ভৰলুমুখ আৰক্ষী থানাৰ অন্তৰ্গত এটি ৰোডস্থিত আইলেণ্ড টাৱাৰত হয় সংঘটিত হয় এই ঘটনা ।
অট্টালিকাৰ ছিকিউৰিটী গাৰ্ডে জনোৱা মতে বৃহস্পতিবাৰে আইলেণ্ড টাৱাৰৰ দুই মহলাৰ এটি কোঠাত মনোজ চহৰীয়া নামৰ যুৱকজনৰ আন যুৱকৰ সৈতে ধনৰ লেনদেনকলৈ কাজিয়াৰ সূত্ৰপাত ঘটিছিল । চিঞৰ শুনি অট্টালিকাৰ দায়িত্বত থকা ছিকিউৰিটী গাৰ্ডে অট্টালিকাৰ দ্বিতীয় মহলালৈ গৈছিল যদিও তাৰ পূৰ্বে নিজৰ প্ৰাণ ৰক্ষাৰ বাবে জাপ দিছিল যুৱকজনে। আনহাতে ইয়াৰ পিছত কোঠাত ছিকিউৰিটী গাৰ্ড গৰাকীয়ে তেজৰ চেকুৰা প্ৰত্যক্ষ কৰে আৰু খবৰ দিয়ে ভৰলুমুখ আৰক্ষী থানাত ।
দ্বিতীয় মহলাৰপৰা নিজৰ প্ৰাণ ৰক্ষাৰ বাবে জাপ দিয়া মনোজ চহৰীয়াক একাংশই ততাতৈয়াকৈ চিকিৎসালয়ত লৈ যায় । আহত মনোজ চহৰীয়া ডাউন টাউন হাস্পতালত চিকিৎসাধীন হৈ আছে । এই ঘটনাক লৈ ভৰলু আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে । আৰক্ষীৰ তদন্তৰ পিছতেই ওলাই পৰিব প্ৰকৃত ৰহস্য ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|