মুখ্যপৃষ্ঠা »খবৰ »অসম »কৃত্ৰিম বান পানী ৰোধৰ বাবে ভৰলু নৈত পানী নিষ্কাষনৰ ক্ষেত্ৰত আছে বাধা ! ক'লে মন্ত্ৰী অশোক সিংঘলে ...

কৃত্ৰিম বান পানী ৰোধৰ বাবে ভৰলু নৈত পানী নিষ্কাষনৰ ক্ষেত্ৰত আছে বাধা ! ক'লে মন্ত্ৰী অশোক সিংঘলে ...

এইবাৰো কৃত্ৰিম বান-পানীৰ পৰা পৰিত্ৰাণ নাপাব মহানগৰবাসীয়ে। পানী নিষ্কাষন কৰাৰ ক্ষেত্ৰত বাধা আছে ভৰলু নৈৰ ।এতিয়াও বহু বাকী মহানগৰীৰ নলা-নৰ্দমাৰ কাম।

  • Share this:
এইবাৰো কৃত্ৰিম বান-পানীৰ পৰা পৰিত্ৰাণ নাপাব মহানগৰবাসীয়ে। পানী নিষ্কাষন কৰাৰ ক্ষেত্ৰত বাধা আছে ভৰলু নৈৰ ।এতিয়াও বহু বাকী মহানগৰীৰ নলা-নৰ্দমাৰ কাম।

গুৱাহাটী উন্নয় দপ্তৰৰ বিভাগে কৃত্ৰিম বান ৰোধৰ বাবে এটাৰ পিছত আন এটা ব্যৱস্থা গ্ৰহণ কৰিছে যদিও ফলপ্ৰসূ হোৱা নাই কোনো ব্যৱস্থা।বিগত বৰ্ষৰ দৰে এইবাৰো কৃত্ৰিম বানত ককবকাব লাগিব মহানগৰবাসী। কিয়নো ভৰলু নৈৰ পানী যোৱাৰ ক্ষেত্ৰত আছে যঠেষ্ট বাধা। মহানগৰবাসীয়ে যতে-ততে আৱৰ্জনা পেলোৱাৰ বাবে ভৰলু হৈ ব্ৰহ্মপুত্ৰলৈ পানী যোৱাৰ ক্ষেত্ৰত আহি পৰিছে ভাবুকি। বুধবাৰে হেলিকপ্তাৰেৰে পৰিদৰ্শন কৰাৰ পিছত কৃত্ৰিম বানৰ ক্ষেত্ৰত মহানগৰবাসীক দোষাৰোপ কৰিলে বিভাগীয় মন্ত্ৰী অশোক সিংঘলে।
গুৱাহাটীৰ কৃত্ৰিম বানৰ পৰা পৰিত্ৰাণ পাবলৈ হাতজোৰে আহ্বান জনালে মন্ত্ৰী অশোক সিংঘলে।অন্যথা,এইবাৰৰ পৰা তেনে লোকসকলৰ বিৰুদ্ধে কঠোৰ হ'ব বিভাগীয় মন্ত্ৰী। কৃত্ৰিম বানপানী ৰোধ কৰিবলৈ এতিয়াও বহু বাকী আছে গুৱাহাটী মহানগৰীৰ নলা-নৰ্দমাৰ কাম। এই কাম সমূহ সম্পন্ন হ'লেহে মহানগৰবাসীয়ে সকাহ পাব কৃত্ৰিম  বানপানীৰ পৰা।এই কথা খোদ ক'লে মন্ত্ৰী অশোক সিংঘলে।এটা কথা নিশ্চিত যে বিজ্ঞানসম্মত প্ৰযুক্তিৰ ব্যবহাৰ কৰিলেও গুৱাহাটীৰ কৃত্ৰিম বানৰ ক্ষেত্ৰত সঠিক সমাধান ওলাব এতিয়াও বহু বাকী। উল্লেখযোগ্য যে গুৱাহাটী মহানগৰীৰ নলা নৰ্দমা সমূহৰ মাত্ৰ ৩০ শতাংশহে কাম সম্পন্ন হৈছে।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি