সোমবাৰে নিশা গুৱাহাটীৰ হোটেল ৰেডিছন ব্লু'ত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা। বৰঝাৰ বিমান বন্দৰৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ৰেডিছন ব্লু'লৈ অনা হয় দুয়োকে।
উল্লেখযোগ্য যে, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক বৰঝাৰ বিমানবন্দৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনায় তথা দুয়োকে সংগ দিয়ে।
নিশাটো ৰেডিছন ব্লু'তে কটাব বিজেপি দলৰ দুয়োগৰাকী জ্যেষ্ঠ নেতাই। মঙলবাৰে পুৱাই মেঘালয় আৰু নাগালেণ্ড অভিমুখে ৰাওনা হ'ব দুয়ো। ৰাজ্য দুখনৰ নতুনকৈ গঠন হোৱা চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা।
Published by: Subham Goswami
FIRST PUBLISHED : March 07, 2023, 03:15 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।