Guwahati Airport 24x7 : এতিয়াৰে পৰা গুৱাহাটী বিমানবন্দৰত যাত্ৰীয়ে ২৪ ঘণ্টাই লাভ কৰিব সেৱা, বিমান সেৱা নিশা ১২ বজালৈ বৃদ্ধি
Guwahati Airport 24x7 : এতিয়াৰে পৰা গুৱাহাটী বিমানবন্দৰত যাত্ৰীয়ে ২৪ ঘণ্টাই লাভ কৰিব সেৱা, বিমান সেৱা নিশা ১২ বজালৈ বৃদ্ধি
গুৱাহাটী বিমানবন্দৰ
Guwahati Airport 24x7 : বিমান যাত্ৰীৰ বাবে ভাল খবৰ । এতিয়াৰে পৰা বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত বিমান যাত্ৰীয়ে লাভ কৰিব ২৪ ঘণ্টাই সেৱা । নিশা ১২ বজালৈ বৃদ্ধি কৰা হৈছে বিমান সেৱা ।
বৰঝাৰ বিমানবন্দৰ (Guwahati Airport)ত দিনে দিনে বৃদ্ধি পাইছে বিমান যাত্ৰীৰ সংখ্যা । বৰঝাৰ বিমানবন্দৰ আদানী গ্রুপৰ হাতত হস্তান্তৰ কৰাৰ পিছতেই বিমান সেৱা নিশা ১২ বজালৈ বৃদ্ধি কৰাৰ উপৰি ২৪ ঘণ্টাই বিমানবন্দৰত বিমান যাত্ৰীয়ে লাভ কৰিব সেৱা। বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (LGBI Airport)ৰ নতুন পৰিচালনা প্ৰতিষ্ঠান GIAL-ৰ তথ্য অনুসৰি কোভিড কালৰ পিছত বিমানৰ সংখ্যা আৰু বিমানযাত্ৰীৰ বৃদ্ধিৰ হাৰ এক উৎসাহজনক ৰূপত বৃদ্ধি পোৱাৰ উপৰি অদূৰ ভৱিষ্যতে শক্তিশালীৰূপত বৃদ্ধি হোৱাৰ ইংগিত বহন কৰিছে।
বিমানবন্দৰৰ কোভিড (Covid19) নিয়ন্ত্ৰণকক্ষৰ নিৰীক্ষণ অনুসৰি বিগত নৱেম্বৰ মাহত যাত্ৰীসকলৰ ক্ষেত্ৰত কোভিডমুক্তৰ হাৰ লক্ষ্যণীয়ভাৱে বৃদ্ধি পাইছে। নৱেম্বৰ মাহত প্ৰকাশ পোৱা তথ্য অনুসৰি বিমানৰ সংখ্যা প্ৰাক-কোভিড কালৰ তুলনাত ৮৭ শতাংশলৈ আৰু যাত্ৰীৰ সংখ্যা ৬০ শতাংশলৈ বৃদ্ধি পাইছে। উল্লেখযোগ্য যে, দুৰ্গাপূজাৰ সময়ত এই বৃদ্ধিৰ হাৰ আছিল ৭৮ শতাংশ। যাত্ৰীৰ সংখ্যা বৃদ্ধিৰ লগত সামঞ্জস্য ৰাখি বিমানকোঠ পৰিচালনা প্ৰতিষ্ঠান GIAL-য়ে গুৱাহাটী বিমানবন্দৰ ২৪ ঘণ্টাই খোলা থাকিব বুলি জানিবলৈ দিয়ে। প্ৰতিষ্ঠানটোৱে জানিবলৈ দিয়া অনুসৰি যাত্ৰীসকলৰ সুবিধাৰ্থে বিমানৰ বাবে প্ৰয়োজনীয় সা-সুবিধাৰ উপৰি চৰকাৰী সেৱাসমূহ, টাৰ্মিনেল সেৱাসমূহ, বিমানত ইন্ধন যোগান সেৱা, সুৰক্ষা আৰু অনান্য সা-সামগ্ৰীৰ দোকান, খাদ্য আৰু পানীয় আদি বিমানকোঠত ২৪ ঘণ্টাই যাত্ৰী সকলৰ বাবে উপলব্ধ হ'ব। তাৰ উপৰি বিমানবন্দৰৰ যাত্ৰীসকলৰ বিশেষ সুবিধাৰ্থে বিমানবন্দৰ পৰিচালনা প্ৰতিষ্ঠানে 'প্ৰণাম' (Pranam)নামৰ এক নতুন সেৱাও সংযোজন কৰিছে। য'ত প্ৰণাম সেৱাৰ কিছু মাচুল ভৰিব লাগিব যদিও পোন প্ৰথম বাৰৰ বাবে বিমানত যাত্ৰা কৰা যাত্ৰীয়েও পাব 24*7 সেৱা ।।