সমগ্ৰ ৰাজ্যত দৌল উৎসৱৰ আনন্দ-উছাহ। সকলোতে আবিৰৰ ৰঙেৰে ভৰি পৰিছে । তাৰ সমান্তৰালভাৱে বিমানকোঠতো ৰং-বিৰঙৰ ফাকুৱাৰ পৰিবেশ। বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত আদানী গ্রুপৰ মুখ্য পৰিচালক উৎপল বৰুৱাৰ নেতৃত্বত ৰঙৰ উৎসৱ 'হোলী' উপলক্ষে বিমানকোঠৰ ভিতৰ-বাহিৰ বিমান যাত্ৰীক আকৰ্ষণ কৰা বাবে সজাই-পৰাই তোলা হৈছে।
বিমানবন্দৰৰ প্ৰস্থান আৰু আগমন কক্ষত দুখনকৈ আটকধুনীয়া ক্ৰীব নিৰ্মাণ কৰি উলিওৱা হৈছে। ক্ৰীব দুখনত নানান ৰঙৰ বলৰে তৈয়াৰ কৰি উন্নত কাৰিকৰী কৌশলেৰে দেশী বিদেশী বিমান যাত্ৰীক ফাকুৱা উৎসৱৰ শুভেচ্ছাবানী প্ৰদান কৰা হৈছে। হোলীৰ লগত সংগতি ৰাখি বাহিৰৰ পৰা অহা কলা-কুশলীৰ দ্বাৰা বিভিন্ন ধৰণৰ ৰঙৰ এখনি মেলা পতা হৈছে য'ত যাত্ৰীসকলে বা বিমানকোঠৰ কৰ্মচাৰীসকলে নিজ সৃষ্টিশীলতাৰ জড়িয়তে মাটিৰ পাত্ৰৰ ওপৰত বিভিন্ন ৰং পেঞ্চিলৰ সহায়ত চিত্ৰ আঁকি ল'ব পৰাৰ ব্যবস্থা কৰা হৈছে।
যাত্ৰীসকলৰ লগতে বিমানকোঠত কৰ্মৰত কৰ্মচাৰীসকলে এই চিত্ৰ অংকণ মেলাত ভাগ লোৱা পৰিলক্ষিত হয়। বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰৰ দায়িত্বত থকা আদানী গ্রুপৰ এই পদক্ষেপত উৎফুল্লিত হৈ পৰিছে বিমান যাত্ৰীৰ লগতে বিমানকোঠাৰ কৰ্মচাৰীসকল ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|