মুখ্যপৃষ্ঠা »খবৰ »অসম »মহানগৰবাসীক চৰকাৰৰ ১০০ দিন পূৰ্তিৰ উপহাৰ, একেলগে ৩খন পদসেতু মকলি

মহানগৰবাসীক চৰকাৰৰ ১০০ দিন পূৰ্তিৰ উপহাৰ, একেলগে ৩খন পদসেতু মকলি

আদাবাৰী, বৰিপাৰা, শুক্ৰেশ্বৰ মন্দিৰৰ সন্মুখত পদসেতু (Foot Bridge) তিনিখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta BiswaSarma)ই মুকলি কৰে ৷

আদাবাৰী, বৰিপাৰা, শুক্ৰেশ্বৰ মন্দিৰৰ সন্মুখত পদসেতু (Foot Bridge) তিনিখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta BiswaSarma)ই মুকলি কৰে ৷

  • Share this:
ৰাজ্য চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ হোৱাৰ দিনাই মহানগৰবাসীৰ বাবে ভাল খবৰ ৷ গুৱাহাটীত এদিনত মুকলি হ'ল তিনিখনকৈ উৰণীয়া পদসেতু (Foot Bridge) ৷  আদাবাৰী, বৰিপাৰা, শুক্ৰেশ্বৰ মন্দিৰৰ সন্মুখত পদসেতু তনিখন মুকলি কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta BiswaSarma)ই আনুষ্ঠানিকভাৱে মুকলি কৰিলে পদসেতু কেইখন ৷

পদসেতু মুকলিৰ জড়িয়তে গুৱাহাটীৰ আধুনিকীকৰণৰ পথত আৰু এখোজ দিয়া বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৷ অতি কম সময়ৰ ভিতৰতে মুকলি কৰা হয় পদসেতু তিনিখন ৷ প্ৰায় ৩০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে পদসেতুকেইখন ৷ ইয়াৰ জড়িয়তে মহানগৰীৰ যান-জঁট তথা দুৰ্ঘটনা ৰোধ কৰিব পৰা যাব বুলি উল্লেখ কৰে ৷

এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে সলনি হ'ব কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয় ৷ পাণবজাৰৰ পৰিৱৰ্তে নতুন কাৰ্যালয় হ'ব ৰূপনগৰত ৷ ৰূপনগৰৰ ASTC আস্থানৰ ভূমিত নিৰ্মাণ হ'ব নতুন উপায়ুক্ত কাৰ্যালয় ৷

মুখ্যমন্ত্ৰীয়ে লগতে কয়ে যে  দীপাৱলীৰ সময়তে মুকলি হ'ব ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেতু ৷

এই অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী মহানগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘল,  গুৱাহাটীৰ সাংসদ কুইন ওজা, পূৱ গুৱাহাটী ৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যকে ধৰি কেইবাগৰাকী আমোলা ৷

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি