আজি মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শপতগ্ৰহণৰ বৰ্ণাঢ্য আয়োজন কৰা হৈছে। জানিব পৰা মতে তিনিশৰো অধিক অতিথি-অভ্যাগত উপস্থিত থাকিব এই ঐতিহাসিক মূহূৰ্তত।
শপতগ্ৰহণত উপস্থিত আছে প্ৰক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ইতিমধ্যে শপতগ্ৰহণ অনুষ্ঠানত ভাগ ল’বলৈ গুৱাহাটীত উপস্থিত হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডা, ড'নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিং। নৰেন্দ্ৰ সিং টোমৰ, বি এল সন্তোষ, বৈজয়ন্ত জয় পাণ্ডা গুৱাহাটীত আছেই।
মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড ছাংমা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ উপস্থিত থাকে শপতগ্ৰহণ অনুষ্ঠানত।