কোৰোণাৰ সংক্ৰমণ যিমান ভয়াৱহ সিমানেই যেন বেপৰোৱা জনতা আৰু সিমানেই ভয়াৱহ কোভিড নিয়ম উলংঘাৰ প্ৰৱণতা। নিতৌ কোভিড প্ৰট'কল উলংঘাৰ বাতৰিয়ে সংবাদমাধ্যমৰ শিৰোনাম দখল কৰি আহিছে। কোৰোণাক লৈ জনতা কিমান বেপৰোৱা তাৰ প্ৰমাণ ওলাল বিধানসভাৰ মজিয়াত। কোৰোণাৰ নিয়ম উলংঘাৰ কৰাৰ জৰিমনাৰ তথ্যই প্ৰমাণ কৰে কোভিড বিধি উলংঘাৰ ভয়াৱহতাৰ কথা।
বিধানসভাৰ মজিয়াতো ভিন্ন জনে উত্থাপন কৰিলে কোভিডৰ প্ৰসংগ ৷ বিধায়ক নুৰুল হুদাৰ এক প্ৰশ্নৰ উত্তৰত গৃহ বিভাগৰ তৰফৰ পৰা আগবঢ়োৱা কেইটামান তথ্যই প্ৰমাণ কৰিছে জনতাৰ আওকণীয়া মনোভাৱ। ৰূপহীহাটৰ কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ কোভিড প্ৰট'কল ভংগৰ জৰিমনা শীৰ্ষক তৰাবিহীন দুই নম্বৰ প্ৰশ্নৰ উত্তৰত গৃহ বিভাগে সদৰি কৰিছে এনে কিছুমান তথ্য য'ত জৰিমনা দেখিলেই অনুধাৱন কৰিব পাৰিব কিমান সচেতন ৰাইজ ৷ জানি আচৰিত হ'ব চৰকাৰৰ কোষাগাৰত যোৱা বৰ্ষত অকল প্ৰট'কল ভংগকাৰীৰ পৰা সংগ্ৰহ হৈছে ৭ কোটি, ৪৪ লাখ, ৩৮ হাজাৰ, ১০০ টকা ৷
ৰাজ্যৰ প্ৰত্যেক জিলাৰ অন্তৰ্গত কোন কোন থানাই মাস্ক ব্যৱহাৰ নকৰা সকলৰ পৰা তথা দুচকীয়া বাহনত দুজন উঠাৰ ক্ষেত্ৰত জৰিমনা সংগ্ৰহ কৰিছিল তাৰ তথ্য বিধানসভাত দাঙি ধৰিছে ৷ য'ত কোৱা হৈছে মাস্ক নিপিন্ধাৰ বাবদ তথা দুচকীয়া বাহনত দুজন উঠাৰ জৰিমনাৰ নিৰিখ ধাৰ্য কৰা হৈছিল ৫০০টকা ৷ অৱশ্যে এজন লোকে দ্বিতীয়বাৰ একে ভুল কৰিলে আৰক্ষীয়ে সংগ্ৰহ কৰিছিল ১০০০টকাকৈ ৷ যদি চোৱা যায় গুৱাহাটী মহানগৰ আৰক্ষীতকৈ ক'ৰবাত যেন সফল হৈছে জৰিমনা সংগ্ৰহত অন্য কিছু জিলা ৷
জিলা সমূহৰ ভিতৰত মাস্কৰ ক্ষেত্ৰত ডিব্ৰুগড়ত সৰ্বাধিক ২,১৯,৩৫০০০টকা, মহানগৰ আৰক্ষীয়ে সংগ্ৰহ কৰিছিল ৭৬,৮৪,৫০০টকা ৷ তিনচুকীয়াত ১৪,৭৮,৫০০টকা, গোলাঘাটত ১০,০৮,৫০০টকা সংগ্ৰহ কৰিছিল আৰক্ষীয়ে।
এয়া আছিল মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে সমগ্ৰহ কৰা জৰিমনাৰ পৰিমাণ ৷ মাস্ক নিপিন্ধা লোক, দুচকীয়া বাহনত দুজনৰ যাত্ৰা কৰাৰ অপৰাধত সংগৃহিত জৰিমনাৰ লগতে অন্যান্য ক্ষেত্ৰত ৰাজ্যত যোৱা সময় ছোৱাত আৰক্ষীয়ে সংগ্ৰহ কৰিছিল ৮৫ লাখ , ৭ হাজাৰ ৪৫০টকা ৷ বিধানসভাত দাখিল কৰা এই তথ্যই প্ৰমাণ কৰে যে, কোভিড সম্পৰ্কে বহু লোক এতিয়াও হোৱা নাই সজাগ, সচেতন ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|