HSLC পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে ৰাজ্যৰ একাংশ চৰকাৰী বিদ্যালয় আৰু শিক্ষকৰ বিৰুদ্ধে অতি কঠোৰ পদক্ষেপ গ্ৰহণৰ ইংগিত দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যদিও প্ৰায় ৬০ শতাংশ চৰকাৰী বিদ্যালয়ৰ ফলাফল ভাল তাৰ বিপৰীতে ৪০ শতাংশ বিদ্যালয়ৰ ফলাফল শূন্য বা পুতৌলগা। চৰকাৰী হিচাপ মতে ১০৩খন বিদ্যালয়তে ফলাফল শূন্য।
এনে পৰিস্থিতিত বেয়া ফলাফলৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈছে ৰাজ্য চৰকাৰে। শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱা মতে ৰাজ্যৰ একাংশ চৰকাৰী শিক্ষকে শিক্ষকতাৰ নামত LIC এজেণ্টৰ কামহে কৰি আছে। শিক্ষক হৈয়ো তেওঁলোকে LIC এজেণ্ট হৈ থকা বাবেই চৰকাৰী বিদ্যালয়ৰ ফলাফল বেয়া হোৱা বুলি আশংকা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। সেয়ে LIC এজেণ্ট কৰি থকা শিক্ষকৰ তালিকা বিচাৰি লগতে শুনানি অনুষ্ঠিত কৰাৰ আনুষ্ঠানিক নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে।
উল্লেখ্য যে ফলাফল ঘোষণাৰ পূৰ্বৰে পৰাই LIC এজেণ্ট শিক্ষকৰ ওপৰত চকু ৰাখিছিল চৰকাৰে। ইতিমধ্যে চৰকাৰে বহু শিক্ষকৰ নামসহ লিখিত অভিযোগো লাভ কৰিছিল। সেই অভিযোগৰ ভিত্তিতে মাধ্যমিক শিক্ষা বিভাগে LIC এজেণ্ট শিক্ষকৰ তালিকাও প্ৰস্তুত কৰিছিল। তাৰ ভিত্তিতে জিলা শিক্ষা পৰিদৰ্শকৰ জৰিয়তে অনুসন্ধান কৰি প্ৰতিবেদন দাখিলৰ বাবে নিৰ্দেশো দিয়া হৈছে। এনে পৰিস্থিতিত HSLC পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে LIC এজেণ্ট শিক্ষকৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে মুখ্যমন্ত্ৰী।
অৱশ্যে মুখ্যমন্ত্ৰী শৰ্মাই স্পষ্টকৈ কৈছে যে চৰকাৰী বিদ্যালয়ৰ সকলো শিক্ষকেই বেয়া নহয় আৰু ভাল শিক্ষক থকা বাবেহে ফলাফল ৬০ শতাংশৰ ওপৰত হৈছে।
Published by: Manjumoni Borah
FIRST PUBLISHED : June 14, 2022, 04:45 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।