মুখ্যপৃষ্ঠা »খবৰ »অসম »Guwahati Water Supply Project: গুৱাহাটীৰ সোণাইঘূলি, নৰকাসুৰ, লিচুবাগান আৰু গীতানগৰত কি বিচাৰি ফুৰিলে মন্ত্ৰী অশোক সিংঘলে ?

Guwahati Water Supply Project: গুৱাহাটীৰ সোণাইঘূলি, নৰকাসুৰ, লিচুবাগান আৰু গীতানগৰত কি বিচাৰি ফুৰিলে মন্ত্ৰী অশোক সিংঘলে ?

মন্ত্ৰী অশোক সিংঘলে আজি গুৱাহাটী মহানগৰীৰ সোণাইঘূলি, নৰকাসুৰ, লিচুবাগান আৰু গীতানগৰ অঞ্চলৰ পাহাৰৰ টিলাত জল ব'ৰ্ডৰ দ্বাৰা নিৰ্মীয়মাণ বৃহত্তৰ গুৱাহাটী পানী যোগান আঁচনিৰ জল ভাণ্ডাৰ (reservoir)সমূহৰ কাম-কাজ পৰিদৰ্শন কৰে ৷

মন্ত্ৰী অশোক সিংঘলে আজি গুৱাহাটী মহানগৰীৰ সোণাইঘূলি, নৰকাসুৰ, লিচুবাগান আৰু গীতানগৰ অঞ্চলৰ পাহাৰৰ টিলাত জল ব'ৰ্ডৰ দ্বাৰা নিৰ্মীয়মাণ বৃহত্তৰ গুৱাহাটী পানী যোগান আঁচনিৰ জল ভাণ্ডাৰ (reservoir)সমূহৰ কাম-কাজ পৰিদৰ্শন কৰে ৷

  • Share this:
অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংঘলে আজি গুৱাহাটী মহানগৰীৰ সোণাইঘূলি, নৰকাসুৰ, লিচুবাগান আৰু গীতানগৰ অঞ্চলৰ পাহাৰৰ টিলাত জল ব'ৰ্ডৰ দ্বাৰা নিৰ্মীয়মাণ বৃহত্তৰ গুৱাহাটী পানী যোগান আঁচনিৰ জল ভাণ্ডাৰ (reservoir)সমূহৰ কাম-কাজ পৰিদৰ্শন কৰে ৷ লগতে কৰ্তব্যত নিয়োজিত ঠিকাদাৰ তথা বিষয়ববীয়াসকলক বিভিন্ন নিৰ্দেশনা প্ৰদান কৰে ।

মন্ত্ৰী সিংঘলে নৰকাসুৰত নিৰ্মিয়মাণ বুষ্টাৰ পাম্পিং ষ্টেচনো পৰিদৰ্শন কৰাৰ লগতে মহানগৰীৰ ঘোৰামৰা অঞ্চলকে ধৰি মহানগৰীৰ বিভিন্ন স্থানত পথৰ কাষত খোৱাপানী যোগানৰ পাইপলাইন বহুওৱা কামৰ অগ্ৰগতিৰো বুজ লয় ।

প্ৰকল্পস্থলীসমূহত উপস্থিত থকা সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰী সিংঘলে কয় যে গুৱাহাটীৰ প্ৰতিটো ঘৰতে ২৪×৭ বিশুদ্ধ খোৱাপানী যোগানৰ দিশত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনা বাস্তৱায়িত  কৰাৰ বাবে অসম চৰকাৰৰ জল ব’ৰ্ডে যুদ্ধকালীন তৎপৰতাৰে কাম কৰি আছে । মহানগৰীৰ বহুকেইটা পাহাৰীয়া স্থানত বৃহৎ বৃহৎ জল ভাণ্ডাৰ নিৰ্মাণৰ কাম সন্তোষজনকভাৱে আগবাঢ়িছে আৰু এই গতি অব্যাহত থাকিলে পৰ্যায়ক্ৰমে মহানগৰীৰ প্ৰতিটো অঞ্চলকে খুব সোনকালেই পানী যোগানৰ দ্বাৰা সামৰি ল'ব পৰা যাব বুলি তেওঁ আশা প্ৰকাশ কৰে ।

আজিৰ এই পৰিদৰ্শন কালত মন্ত্ৰী সিংঘলৰ সৈতে জল ব’ৰ্ডৰ জ্যেষ্ঠ বিষয়াসকল তথা কামত নিয়োজিত ঠিকাদাৰসকলো  উপস্থিত আছিল ।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি