কেইবাবছৰ ধৰি বিকল হৈ থকা চন্দ্ৰপুৰস্থিত তাপ বিদ্যুৎ প্রকল্পটোৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে ইতিবাচক দিশত চিন্তা-চর্চা কৰি আছে। এই কথা জনালে শক্তি মন্ত্ৰী বিমল বৰাই। মহানগৰীৰ বোন্দাস্থিত আছাম ৰুফিং লিমিটেড পৰিদৰ্শন কৰি মন্ত্ৰী বিমল বৰাই এই মন্তব্য কৰে।
মন্ত্ৰী বৰাই ৰাজ্যৰ সকলো উদ্যোগিক প্রতিষ্ঠানৰ লগতে সৰ্বসাধাৰণ লোকসকলক বিদ্যুৎ চুৰি কৰা প্ৰৱণতা পৰিহাৰ কৰিবলৈ আহ্বান জনায়। ৰাজ্যত পৰ্যাপ্ত পৰিমাণৰ বিদ্যুত মজুত আছে গতিকে লোড শ্বেদিং হোৱাৰ শংকা নাই বুলিও ৰাইজক আশ্বস্ত কৰে শক্তি মন্ত্ৰীগৰাকীয়ে। আছাম ৰুফিং প্ৰতিষ্ঠানটোত থকা বিদ্যুৎ বিভাগৰ যন্ত্ৰাংশ পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে।
প্ৰতিজন লোকক বিদ্যুৎ বিষয়ক যিকোনো কথাৰ বাবে পোনপটীয়াকৈ মন্ত্ৰী গৰাকীৰ ৯৯৫৪৪-১৪৯৬৯ নম্বৰত যোগাযোগ কৰিবলৈও আহ্বান ৰাজ্যৰ শক্তি মন্ত্ৰী বিমল বৰাৰ।
তেওঁ আৰু কয় যে বিগত দিন সমূহৰ তুলনাত ৰাজ্যৰ বিদ্যুৎ গ্ৰাহকৰ সংখ্যা বৃদ্ধি পাইছে কাৰণ বিগত চৰকাৰখনৰ পাঁচ বছৰীয়া কাৰ্যকালত বিভাগটোত নতুনকৈ ২১ লাখ গ্ৰাহক বৃদ্ধি হৈছে। পূৰ্বে ৪২ লাখ গ্ৰাহক থকা বিদ্যুৎ বিভাগত বৰ্তমান ৬৩ লাখলৈ গ্ৰাহকৰ সংখ্যা বৃদ্ধি হোৱা বুলি উল্লেখ কৰে মন্ত্ৰী বৰাই। এখন বিকশিত অসম গঢ়াৰ স্বাৰ্থত ৰাজ্যৰ সকলো উদ্যোগ প্ৰতিষ্ঠানৰ লগতে জনসাধাৰণকো বিদ্যুত ব্যৱহাৰৰ ক্ষেত্ৰত সজাগ হ'বলৈ আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|