দীর্ঘদিনে চৰকাৰী কার্যালয়সমূহ বন্ধ ৰখাৰ ফলত প্ৰায় স্থবিৰ হৈ পৰিছে ৰাজ্যৰ প্রশাসনিক কাম–কাজসমূহ৷ এই স্থবিৰতা দূৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰিছে নতুন নির্দেশনা৷ সেই অনুসৰি ক’ভিড ভেকচিনৰ দুয়োটা ড’জ গ্রহণ কৰা চৰকাৰী কর্মচাৰীসকল আজিৰ পৰা নিয়মীয়াকৈ উপস্থিত থাকিব লাগিব কার্যালয়ত৷ অৱশ্যে ভেকচিনৰ দুয়োটা ড’জ গ্রহণ কৰা কর্মচাৰীসকলে কার্যালয়ত উপস্থিত থকাৰ সময়ত মানি চলিব লাগিব চৰকাৰে জাৰি কৰা ক’ভিড প্রট’কল৷
প্ৰথমতে চৰকাৰী আৰু বেচৰকাৰী কার্যালয় দিনৰ দুই বজালৈ খোলা ৰখাৰ সিদ্ধান্ত গ্রহণ কৰিছিল চৰকাৰে৷ কিন্তু পৰৱর্তী সময়ত চৰকাৰী–বেচৰকাৰী কার্যালয়সমূহ ১৫ জুনলৈ সম্পূর্ণৰূপে বন্ধ ঘোষণা কৰা হয়৷ ১৫ জুনলৈ চৰকাৰৰ এই এছ অ’ পি বাহাল থাকিব৷ ১৬ জুনৰ পৰা ক'ভিড নিয়ম শিথিল হ'ব বুলি আশা কৰা হৈছে।
ইপিনে ৰাজ্যত ভেকচিন প্রদানৰ প্রক্রিয়া ক্ষিপ্রতৰ কৰি তুলিছে স্বাস্থ্য বিভাগে৷ এই পর্যন্ত ৰাজ্যৰ মুঠ ৪৭ লাখ৫০ হাজাৰ অধিক লোকে। ইপিনে ক’ভিডৰ সংক্রমণ ক্রমাৎ হ্রাস পাবলৈ আৰম্ভ কৰাৰ প্রতি লক্ষ্য ৰাখি সমগ্র ৰাজ্যত ৰাজ্য চৰকাৰে আৰোপ কৰা কঠোৰ নীতি–নির্দেশনা শিথিল কৰাৰ চিন্তা–চর্চা আৰম্ভ হৈছে৷ এনে পৰিপ্ৰেক্ষিতত দুটা ড'জ লোৱা চৰকাৰী কৰ্মচাৰীসকলক কাৰ্যালয়লৈ অহাৰ নিৰ্দেশ দিছে চৰকাৰে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|