নতুন দিল্লীঃ সোণ–ৰূপৰ মূল্য (Gold-Silver Prices) মঙলবাৰে সামান্য হ্ৰাস হোৱা দেখা যায়। আন্তঃৰাষ্ট্ৰীয় বজাৰত আজি সোণ আৰু ৰূপৰ মূল্য তললৈ অহা দেখা যায় যাৰ প্ৰভাৱ ভাৰতীয় বজাৰত দেখা যায়।
মাল্টি কম’ডিটি এক্সচেঞ্জত (MCX) মঙলবাৰে পুৱা সোণৰ Gold দাম সামান্য সালসলনিৰ সৈতে ট্ৰেডিং কৰি আছিল। সোণৰ এপ্ৰিলৰ প্ৰস্তাৱ মূল্য প্ৰতি দহ গ্ৰামত ৫৩,৫৯০ টকা চলি আছিল। সেইদৰে ৰূপৰ প্ৰস্তাৱ মূল্য ৭০ টকা প্ৰতি কিলোগ্ৰামত বাঢ়ি ৭০,১০৮ টকা হৈ আছিল।
গ্ল’বেল মাৰ্কেটত আজি সোণৰ দাম সামান্য হ্ৰাস হোৱা দেখা যায়। ডলাৰ মূল্যৰ পৰিপ্ৰেক্ষিতত সোণৰ মূল্য ২,০০০ ডলাৰ প্ৰতি আউন্সৰ পৰা সামান্য তললৈ আহে। কম’ডিটি এক্সচেঞ্জত সোণৰ বৰ্তমান মূল্য প্ৰায় ০.৫ শতাংশ হ্ৰাস পাই প্ৰতি আউন্সত ১,৯৮৬ ডলাৰ হয়।
এইচডিএফচি চিকিউৰিটিজৰ হেড ৰিচাৰ্চ তপন পেটেলৰ মতে ৰাছিয়া–ইউক্ৰেইনৰ মাজত বিবাদৰ (Russia-Ukraine conflict) কাৰণে আগন্তুক সময়ত সোণৰ দাম বৃদ্ধি হোৱা দেখা যাব। গ্ল’বেল মাৰ্কেটত প্ৰতি আউন্সত সোণৰ দাম ২,০০৫ ডলাৰ অতিক্ৰম কৰিব পাৰে আনহাতে MCXত প্ৰতি দহ গ্ৰামত ৫৪ হাজাৰ টকাৰ ওপৰলৈ যাব পাৰে।
শ্বেয়াৰ বজাৰত ডাঙৰ পতনৰ বাবে সোমবাৰে সোণ আৰু ৰূপৰ মূল্য যথেষ্ট বৃদ্ধি দেখুৱাইছিল। সোণৰ স্পট মূল্য প্ৰতি ১০ গ্ৰামত ১,৩০০ টকা বৃদ্ধি পাইছিল, ৰূপৰ মূল্য প্ৰতি কিলোগ্ৰামত ১,৯১০ টকা বৃদ্ধি পাইছিল। অনুমান কৰা হৈছে যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত শান্তিৰ পিছত সোণ আৰু ৰূপৰ মূল্য হ্ৰাস পাব।
FIRST PUBLISHED : March 08, 2022, 14:00 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।