আজি ২৬ জানুৱাৰী, গণৰাজ্য দিৱস আৰু লগতে সৰস্বতী পূজাও। সেয়ে যিসকলে সৰস্বতী পূজা পাতিলে, তেওঁলোকে পুৱাই জাতীয় পতাকাও উত্তোলন কৰিছে। তাৰ মাজতে গুৱাহাটীৰ কাহিলীপাৰাৰ জটিয়াৰ সঞ্জিৱনী কলা নিকেতনৰ পূজা ভাগ কিছু যেন ব্যতিক্ৰম। পূজাখনত প্ৰতিষ্ঠানটোৰ মুৰব্বী বিশিষ্ট শিল্পী পবিত্ৰ ৰাভাই ভাৰতৰ জাতীয় পতাকাৰ ৰঙৰ দৰেই সৰস্বতী মাৰ মৃণ্ময় মূৰ্তি সজাই তুলিলে।
খুব সুন্দৰকৈ দেৱী সৰস্বতীক সজাই তোলা সঞ্জিৱনী কলা নিকেতনত পূজা কৰিবলৈ যথেষ্ট ভক্তই ভিৰ কৰে। কাহিলীপাৰাৰ ওদালবাক্ৰাৰ ৰাভা সন্মিলনত ব্যস্ত থকা শিল্পী পবিত্ৰ ৰাভাই বিগত তিনি দিন কাম কৰিয়েই সঞ্জিৱনী কলা নিকেতনৰ পূজা মণ্ডপটো আৰু মৃন্ময় মূৰ্তিত জাতীয় পতাকাৰ দৰে ৰং দিয়ে।
ৰাইজৰ পৰা পোৱা মৰম আৰু সঁহাৰিৰ বাবে শিল্পী পবিত্ৰ ৰাভায়ো সকলোকে ধন্যবাদ জনায়। উল্লেখযোগ্য যে পবিত্ৰ ৰাভাই বিগত ২৭ বছৰ ধৰি জটিয়াত চলাই আছে এই সঞ্জিৱনী কলা নিকেতন।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : January 26, 2023, 16:29 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।