গুৱাহাটীত নতুনকৈ নিৰ্মাণ হোৱা অভাৰব্ৰিজ মুকলিৰ পূৰ্বে একাংশ লোকে পিক পেলাই লেতেৰা কৰিছিল, লগাইছিল পোষ্টাৰ ৷ তাৰ পিছতে ব্ৰিজত বিভিন্ন জাতি–জনগোষ্ঠীৰ শিল্প–সংস্কৃতি উদ্ভাসিত কৰা শিল্পীসকলে এই কাৰ্যক লৈ ক্ষোভ প্ৰকাশ কৰিছিল। তেওঁলোকে আহ্বান জনাইছিল তেওঁলোকৰ শিল্পকৰ্মক সন্মান কৰিবলৈ ৷
এই ঘটনাৰ পিছতে গুৱাহাটী পৌৰ নিগম এনে লোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বাবে তৎপৰ হৈ পৰিছে ৷ পৌৰ নিগমৰ অনুমতি নোহোৱাকৈ কোনোবাই যদি পোষ্টাৰ লগাই তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব বুলি প্ৰকাশ কৰিছে। লগতে যিসকল লোকে ৰাজপথত পিক পেলাই সেই সকলকো জৰিমনা বিহিব পৌৰ নিগমে ৷ এই সকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত ৰাইজৰ সহায় বিচাৰিছে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশিস শৰ্মাই ৷
আজি সংবাদমেল আয়োজন কৰি এনে লোকৰ ফটো বা তথ্য দিয়া লোকক ১ হাজাৰ টকাৰ পুৰস্কাৰ প্ৰদানৰ কথা ঘোষণা কৰে আয়ুক্তগৰাকীয়ে ৷ তাৰ বাবে জিএমচিৰ ফালৰ পৰা চাৰিটা ফোন নম্বৰ ৰাজহুৱা কৰে আয়ুক্তগৰাকীয়ে ৷ আপোনাৰ আশে–পাশে যদি কোনোবাই এনে কৰিছে তেন্তে এই চাৰিটা নম্বৰত যোগাযোগ কৰিব পাৰে– 8811007000, 7399003001, 7399003002, 7399003003।
আনহাতে, ঘৰৰ পৰা জাবৰ নিনিলে পৌৰ নিগমক 7399003004 নম্বৰত অভিযোগ দিয়াৰ বাবেও সংবাদমেলত আয়ুক্তগৰাকীয়ে আহ্বান জনায়। নতুন উৰণীয়া সেতুৰ ওপৰত কোনো ধৰণৰ পাৰ্টী কৰা লোকৰ বিৰুদ্ধেও ব্যৱস্থা ল'ব পৌৰ নিগমে ৷ গুৱাহাটী মহানগৰত পোষ্টাৰ-বেনাৰ লগাবলৈ হ'লে ল'ব লাগিব পৌৰ নিগমৰ অনুমতি, অন্যথা ভৰিব লাগিব জৰিমণা ৷ পৌৰ নিগমৰ ফালৰ পৰা সাধাৰণ ৰাইজক আহ্বান– ''গুৱাহাটীক পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত সহযোগ কৰক ৷''
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|