মুখ্যপৃষ্ঠা »খবৰ »অসম »Air Pollution Free Guwahati: গুৱাহাটীৰ বায়ু প্ৰদূষণমুক্ত কৰিবলৈ পৌৰ নিগমৰ নতুন অভিযান 

Air Pollution Free Guwahati: গুৱাহাটীৰ বায়ু প্ৰদূষণমুক্ত কৰিবলৈ পৌৰ নিগমৰ নতুন অভিযান 

X
Self //

Self propelled sweeping machine drive in Guwahati

গুৱাহাটীৰ বায়ু প্ৰদূষণমুক্ত কৰিবলৈ শেহতীয়াকৈ গুৱাহাটী পৌৰ নিগমৰ নতুন অভিযান  ৷ Self propelled sweeping machineৰ জড়িয়তে বালিসমূহ আঁতৰাই পৰিষ্কাৰ কৰা হৈছে গুৱাহাটীৰ কেতবোৰ অঞ্চল । 

  • Share this:
গুৱাহাটী, ২৬ মে': গুৱাহাটীৰ বায়ু প্ৰদূষণমুক্ত কৰিবলৈ শেহতীয়াকৈ গুৱাহাটী পৌৰ নিগমে এক নতুন অভিযান আৰম্ভ কৰিছে ৷ ধূলিৰে ঠাহ খাই পৰা গুৱাহাটী মহানগৰীত বায়ু প্ৰদূষণৰ মাত্ৰা এতিয়াও কমা নাই । গুৱাহাটীৰ পথ নিৰ্মাণ কাৰ্য আৰু কালভাৰ্ট সমূহৰ নিৰ্মাণৰ লগতে উৰণীয়া সেতুসমূহৰ নিৰ্মাণ চলি থকাৰ বাবে সৃষ্টি হয় ধূলি ।

অন্যহাতে নিশাৰ ভাগত বালি ভৰ্তি ডাম্পাৰৰৰ পৰা বালিসমূহ পৰি যোৱাৰ বাবেও ধূলিৰ সৃষ্টি হয়। মালিগাঁও, জু ৰোড, লাচিত নগৰ আদিকে ধৰি বিভিন্ন প্ৰান্তৰ লগতে জি এছ ৰোডতো ধূলিৰ বাবেই অসুবিধাত পৰে মহানগৰবাসী । বিশেষকৈ জি এচ ৰোডৰ ধূলিৰ বাবে অসুবিধাত পৰে ৰোগীৰ লগতে দুচকীয়া বাহনৰ গৰাকীসকল । সেয়ে পৌৰ নিগমে শেহতীয়াকৈ ৰাষ্ট্ৰীয় বায়ু প্ৰদূষণমুক্ত আঁচনিৰ জড়িয়তে হাতত লৈছে বিশেষ ব্যৱস্থা ।

উল্লেখযোগ্য যে, আধুনিক Self propelled sweeping machineৰ জড়িয়তে বালিসমূহ আঁতৰাই পৰিষ্কাৰ কৰা হৈছে গুৱাহাটীৰ কেতবোৰ অঞ্চল । কালি নিশাৰ ভাগত পাঞ্জাবাৰী ৰোডতো এই মেচিনৰ জড়িয়তে বালিসমূহ আঁতৰাই পথসমূহ পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰে পৌৰ নিগম কৰ্তৃপক্ষই ।

পৌৰ নিগমৰ মতে, এই পদক্ষেপৰ জড়িয়তে গুৱাহাটীত সৃষ্টি হোৱা বালিৰ প্ৰদূষণৰ পৰা কিছু পৰিমানে হ'লেও গুৱাহাটীবাসীক সকাহ দিব পৰা যাব । সেয়ে ক্ষীপ্ৰতাৰে ভিন্ন প্ৰান্তত এই কাম হাতত লৈছে প্ৰশাসনে ।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি