শেহতীয়াকৈ মহানগৰীৰ বহুকেইখন আগশাৰীৰ ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানৰ মিথ্যাচাৰ পোহৰলৈ আনিছে গুৱাহাটী পৌৰ নিগমে (GMC) ৷ বিগত ১০টা বছৰে মহানগৰীৰ প্ৰায় ২৫০ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে (Private School) কৰ ফাঁকি দি আহিছিল গুৱাহাটী পৌৰ নিগমক ৷
সেই অভিজাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমুহৰ ভিতৰত আছে ডনবস্ক' স্কুল, সৰলা বিৰলা, অসম জাতীয় বিদ্যালয়, সংস্কৃতি গুৰুকুল, মহৰ্ষি বিদ্যামন্দিৰ, এন পি এছ স্কুলকে ধৰি আন শতাধিক স্কুল ৷বিগত ১০বছৰত এই শিক্ষা প্ৰতিষ্ঠানসমূহে গুৱাহাটী পৌৰ নিগমক দিব আছে ৭কোটি টকাৰ কৰ ৷ এই ২৫০ ব্যক্তিগত খণ্ডৰ বিদ্যলয়ৰ কৰ ফাকিঁ শীৰ্ষত আছিল পানবজাৰ ডনবস্ক' ৷ডনবস্ক'য়ে GMCক দিব আছে ১কোটি টকাৰ কৰ ৷ ৰয়েল গ্লবেলে দিব আছে ৫৫লাখ কিন্তু ইতিমধ্য জাননীৰ পিছতে ২৫লাখ টকাৰ কৰ পৰিশোধ কৰিছে পৌৰ নিগমক ৷ পৌৰনিগমে প্ৰেৰণ কৰা প্ৰথমখন জাননীৰ নিৰ্ধাৰিত সময় ১মাহৰ অতিক্ৰম কৰাৰ পিছতে পুনৰ ১মাহৰ ভিতৰত দুখন জাননী প্ৰেৰন কৰিব কৰ ফাকিঁ দি অহা শিক্ষাপ্ৰতিষ্ঠানলৈ ৷ সেই সময়ত যদি পৌৰনিগমে পাব লগীয়া কৰ ঘূৰাই নাপাই তেন্তে তেনে শিক্ষাপ্ৰতিষ্ঠানৰ বিৰুদ্ধে তলা লগাব সাজু পৌৰ নিগম কৰ্তৃপক্ষ ৷ কিন্তু বিগত ১০টা বছৰে কেনেদৰে পৌৰনিগমৰ চকুত ধূলি দি একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে কোটি কোটি টকাৰ কৰ ফাকিঁ দি আহিছিল তাক লৈহে বহু প্ৰশ্নৰ অৱতাৰনা হৈছে ৷ Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese