মহানগৰীৰ এইবাৰ বানমুক্ত কৰাৰ বাবে এইবাৰ উঠি পৰি লাগিছে জি এম চি আৰু জি এম ডি বিভাগ। বানমুক্ত গুৱাহাটীৰ বাবে বিভাগৰ লোকসকলৰ সৈতে মন্ত্ৰী অশোক সিংঘল আৰু মেয়ৰ মৃগেন শৰণীয়া মিলিত হৈছে ইখনৰ পিছত সিখন বৈঠকত।পূৰ্বতকৈ কৃত্ৰিম বান হ্ৰাস কৰাৰ বাবে জি এম চিৰ তত্বাৱধানত থকা ১৫১ টা নলাৰ আৰম্ভ হৈছে খনন আৰু পুনৰ নিৰ্মাণৰ কাম।
সমান্তৰালকৈ,পি ডব্লিউ ডি বিভাগৰ তত্বাৱধানত থকা ৮০০ টা নলাৰ ভিতৰত আৰম্ভ হৈছে ২০০ টা নলাৰ কাম। লগতে,ভৰলু, মৰা ভৰলু, লখিমী জানকে ধৰি পাঁচখনকৈ বাহিনী নৈৰ আৰম্ভ হৈছে খনন কাৰ্য। বাৰিষাৰ সময়ত খনন কাৰ্য চলি থকা বাহিনী নৈত তৎকালীন ভাৱে নিষ্কাষন কৰা হ'ব গুৱাহাটীৰ কৃত্ৰিম বানপানী।
ইতিমধ্যে,নলা নিৰ্মাণৰ বাবে গুৱাহাটীৰ পৌৰ নিগমৰ ফালৰ টেণ্ডাৰিয়িঙৰ জৰিয়তে কাম -কাজ আৰম্ভ কৰিছে ঠিকাদাৰসকলে। বাৰিষাৰ সময়ত বিভাগে ভৱা মতে কাম-কাজত বেয়া পোৱা ঠিকাদাৰ সকলক কৰা হ'ব ব্লেক লিষ্টেট।
কৃত্ৰিম বান ৰোধৰ বাবে দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগে কাম কাজ আৰম্ভ কৰিছে ঠিকেই। কিন্ত,কিমান কৃত্ৰিম বান ৰোধ কৰিব পাৰে,সেইয়া বাৰিষাৰ সময়তহে হব লক্ষণীয়।উল্লেখযোগ্য যে,এইবাৰ বানমুক্ত কৰাৰ বাবে উচ্ছেদৰ দৰে ব্যৱস্থা গ্ৰহণ কৰিছিল প্ৰশাসনে।
Published by: Kokil Sarma
FIRST PUBLISHED : February 09, 2023, 19:08 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।