মহানগৰীৰ কৃত্ৰিম বান সমস্যা সমাধানৰ নামত জি এম চিয়ে আৰম্ভ কৰিছে আন এখন নতুন নাটক। নাটকৰ মাষ্টাৰমাইণ্ড একাংশ এন জি অ'ৰ লগতে জি এম চিৰ এচাম বিষয়া।
উল্লেখযোগ্য যে নলাৰ পৰা উলিওৱা আৱৰ্জনা ৰাস্তাৰ কাষতে পেলাই নিজৰ দায়িত্ব সামৰিছে পৌৰ নিগমে। এজাক বৰষুণৰ পিছতে পুনৰ এইসমূহ আৰ্ৱজনা নলাত পৰিব, যাৰ ফলস্বৰূপে বাম হ'ব নলাসমূহৰ বুকু। পুনৰ মহানগৰবাসীয়ে যন্ত্ৰণা ভুগিব।
মহানগৰবাসীৰ পৰা লাখ লাখ টকাৰ কৰ লৈ নলা পৰিষ্কাৰ কৰাৰ নামত চলোৱা হৈছে আচলতে লুণ্ঠনৰাজ। উল্লেখযোগ্য যে কেইটামান মাহৰ পূৰ্বে পৌৰ নিগমত সংঘটিত হৈছিল জাবৰ নিষ্কাশনৰ নামত ভয়ানক দুৰ্নীতি।
বহু বিষয়াক জে'ললৈ প্ৰেৰণ কৰাৰ পিছতো যেন গা নলৰিল গুৱাহাটী পৌৰ নিগমৰ, যাৰ ফলস্বৰূপে গুৱাহাটীৰ বিভিন্ন অঞ্চল এইবাৰো কৃত্ৰিম বানৰ কবলত পৰাটো প্ৰায় নিশ্চিত। বিশেষকৈ ৰুক্মিণী গাঁও, হাতীগাঁও, জু-ৰোড, আদাবাৰী, পাঞ্জাবাৰী আদিকে ধৰি বিভিন্ন অঞ্চলৰ জনতাই ভুগিব লাগিব দুৰ্ভোগ।
বাৰিষাৰ পূৰ্বে প্ৰতিবছৰে নলাসমূহ চফা কৰাৰ নাটক কৰে জি এম চিয়ে । নাটক বুলি এইকাৰণেই কোৱা হৈছে কিয়নো নলাসমূহ পৰিষ্কাৰ কৰি এনেদৰেই জাবৰসমূহ দমাই ৰাখে এন জি অ'ৰ কৰ্মীয়ে ।
বৰষুণ দিলেই জাবৰসমূহ পুনৰ নলাত পৰি নলাসমূহৰ বুকু বাম কৰাৰ লগতে বিভিন্ন ঠাইত বন্ধ হৈ পৰে, যাৰ ফলস্বৰূপে সেই অঞ্চলসমূহত সৃষ্টি হ'ব কৃত্ৰিম বানৰ।
Published by: Gautam Barman
FIRST PUBLISHED : March 19, 2023, 21:03 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।