মহানগৰীৰ পাটৰকুচিত গুৱাহাটী পৌৰ নিগমৰ উচ্ছেদ অভিযান। জলাশয়ৰ ওপৰত অবৈধভাৱে নিৰ্মাণ কৰা ক্লাব এক্সকেভেটৰেৰে ভাঙিলে জি এম চিয়ে। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত চলি আছে পৌৰ নিগমৰ উচ্ছেদ অভিযান।
প্ৰশাসনৰ বৃহৎ দলৰ উপস্থিতিত ভাঙি পেলোৱা হল GNRC সংঘ। GNRC নামৰ সংঘটোৱে দীৰ্ঘদিনৰ পৰা জলাশয় পুতি দখল কৰি আহিছিল জলাশয়ৰ মাটি। যাৰ ফলত এই জলাশয়েৰে পানী ওলাই যাব নোৱাৰাৰ বাবে কৃত্ৰিম বানপানীৰ সমস্যা হৈ আহিছে বশিষ্ঠত। আজি পুৱাই পৌৰ নিগমে উচ্ছেদ কৰিলে এই সংঘটো।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : January 27, 2023, 16:14 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|