অসমৰ আগশাৰীৰ টেবুল টেনিছ খেলৰ প্ৰতিষ্ঠান নগেন হাজৰিকা টেবুল টেনিছ ফাউণ্ডেছনে (Nagen Hazarika Table Tennis Foundation) প্ৰথমবাৰলৈ অসমত অনুষ্ঠিত কৰিছে গ্লেমাৰিয়াছ টেবুল টেনিছ ইউনাইটেড প্ৰিমিয়াৰ লীগ ২০২২ (Glamorous Table Tennis United Premier League 2022)।
৮ৰ পৰা ১০ এপ্ৰিললৈ মহানগৰীৰ ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণ ৰাম ফুকন ইনড'ৰ ষ্টেডিয়াম (Tarun Ram Phukan Indoor Stadium) ত অনুষ্ঠিত হ'বলগীয়া টেবুল টেনিছ ইউনাইটেড প্ৰিমিয়াৰ লীগৰ আয়োজক সমিটিৰ অধ্যক্ষৰ দায়িত্বত আছে জলসম্পদ, জনসংযোগ, সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তথা অসম টেবুল টেনিছ সন্থাৰ সভাপতি পীযুষ হাজৰিকা (Piyush Hazarika)। সোমবাৰে আয়োজক সমিতিৰ সচিব মানস প্ৰতিম দাসৰ সৈতে প্ৰতিযোগিতাখনৰ সফল আয়োজন সম্পৰ্কত আলোচনা হয়।
লীগখনৰ সফল আযোজনৰ বাবে সোমবাৰে অসম চৰকাৰৰ কৃষি, সীমান্ত উন্নয়ন আৰু অসম চুক্তি বিভাগৰ মন্ত্ৰী অতুল বৰাৰ সৈতে আলোচনাত মিলিত হয় নগেন হাজৰিকা টেবুল টেনিছ ফাউণ্ডেছনৰ মুখ্য প্ৰশিক্ষক তথা প্ৰিমিয়াৰ লীগৰ আয়োজক সমিটিৰ সচিব প্ৰধান মানস প্ৰতিম দাসে। জোষ্ঠ মন্ত্ৰী অতুল বৰায়ো প্ৰিমিয়াৰ লীগৰ সফল আযোজনৰ ওপৰত গুৰুত্ব দিয়ে। উল্লেখযোগ্য যে প্ৰথমবাৰলৈ উত্তৰ পূৰ্বাঞ্চলত অনুষ্ঠিত হ'ব টেবুল টেনিছ ইউনাইটেড প্ৰিমিয়াৰ লীগ।
Published by: Manjumoni Borah
FIRST PUBLISHED : March 15, 2022, 23:19 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|