বৃহস্পতিবাৰে নিশা অসম ৰাজ্যিক চিৰিয়াখানা (Assam State Zoo)ত ৰহস্যজনকভাৱে বহিঃৰাজ্যৰ পৰা অনা এটা জিৰাফ (Giraffe)ৰ মৃত্যু ক লৈ ৰাজ্যজুৰি প্ৰকৃতিপ্ৰেমীৰ মাজত শোকাকুল পৰিবেশ বিৰাজ কৰিছে। এনী নামৰ মাইকী জিৰাফৰ মৃত্যু হৈছে ৰাজ্যিক চিৰিয়াখনাত। মাত্ৰ ডেৰ বছৰ পূৰ্বে কৰ্ণাটকৰ চিৰিয়াখানাৰ পৰা অনা হৈছিল জিৰাফ দুটা। এজনী মাইকী জিৰাফ আনটো মতা। তাৰেই মাইকী জিৰাফজনীৰ বৃহস্পতিবাৰে নিশা প্ৰায় চাৰে দহ বজাত কৰুণ মত্যু হয়।
জিৰাফজনীৰ কেনেকৈ মৃত্যু (Giraffe Death) হ'ল তাকে লৈ এতিয়া সকলোৰে কৌতুহল। বিভিন্নজনে ইয়াৰ বিভিন্ন কাৰণ বৰ্ণনা কৰিছে যদিও মৃত্যুৰ কাৰণক লৈ চিৰিয়াখানা কৰ্তৃপক্ষই কোনো কথা স্পষ্ট কৰা নাই। মাইকী জিৰাফ জনীৰ ফাঁচ লাগি মৃত্যু হোৱা বুলি বিভিন্নজনে অভিযোগ কৰিলেও বৰ্তমানলৈ প্ৰকৃত সত্য জানিব পৰা হোৱা নাই। চিৰিয়াখানাৰ কৰ্তৃপক্ষই সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত বিশেষ একো জানিবলৈ দিয়া নাই।
ডি এফ অ' (DFO) অশ্বিনী কুমাৰে কয় যে তদন্ত সম্পন্ন নোহোৱালৈকে কোনো কথা ক'ব পৰা নাযাব। মৰণোত্তৰ পৰীক্ষা (Postmortem)ৰ পিছতহে সকলো তথ্য জানিব পৰা যাব বুলি কয় চিৰিয়াখানাৰ অশ্বিনী কুমাৰে ।
জানিব পৰা মতে চিৰিয়াখানাৰ কৰ্মীয়ে দানা খুৱাই অহাৰ পিছতে মৃত্যু হয় জিৰাফজনীৰ। ফটোত দেখা মতেও দানা খোৱা স্থানতে ডিঙিত ফাঁচ লাগি মৃত্যু হয় জিৰাফজনীৰ।
বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য (Parimal Suklabaidya)ই ইতিমধ্যে এক তদন্তৰ ঘোষণা কৰিছে। শুক্লবৈদ্যই কয়, "তিনি দিনৰ ভিতৰত সকলো স্পষ্ট হ'ব। সাধাৰণ দৃষ্টিত খাদ্য খোৱাৰ সময়ত ডিঙিত লাগি ধৰাৰ সন্দেহ কৰা হৈছে। ঘটনাত যদি কোনো লোকৰ আসোৱাহ আছে তেন্তে নিশ্চয ব্যৱস্থা লোৱা হ'ব।"
মৃত্যু হোৱা জিৰাফজনীৰ বয়স আছিল চাৰি বছৰ। জিৰাফ দুটাৰ নাম ৰঙিলী আৰু কুলনান্দ ৰাখিছিল চিৰিয়াখানা কৰ্তৃপক্ষই। ইয়াৰে ৰঙিলী বা এনীৰ মৃত্যু ঘটিছে। উল্লেখ্য যে কৰ্তব্যৰত কৰ্মচাৰীয়েও বহু দেৰিকৈ গম পাইছিল জিৰাফজনীৰ মৃত্যুৰ কথা।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|