• Home
  • »
  • News
  • »
  • assam
  • »
  • গুৱাহাটী বিশ্ববিদ্যালয়ৰ PG আৰু Intregrated M.Comৰ ODD ছিমেষ্টাৰৰ পৰীক্ষা স্থগিত

গুৱাহাটী বিশ্ববিদ্যালয়ৰ PG আৰু Intregrated M.Comৰ ODD ছিমেষ্টাৰৰ পৰীক্ষা স্থগিত

কাইলৈৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল স্নাতকোত্তৰ প্ৰথম, তৃতীয় ষান্মাসিকৰ পৰীক্ষা।

কাইলৈৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল স্নাতকোত্তৰ প্ৰথম, তৃতীয় ষান্মাসিকৰ পৰীক্ষা।

কাইলৈৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল স্নাতকোত্তৰ প্ৰথম, তৃতীয় ষান্মাসিকৰ পৰীক্ষা।

  • Share this:

গুৱাহাটী বিশ্ববিদ্যালয়ৰ PG আৰু Int. M.Comৰ ODD ছিমেষ্টাৰৰ পৰীক্ষা স্থগিত ৰখা হৈছে। এক জাননীযোগে এই কথা জনায় GU কৰ্তৃপক্ষই। ক'ভিড পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বিশ্ববিদ্যালয়খনে। অহা ২১, ২২ আৰু ২৪ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া আছিল পৰীক্ষাসমূহ।


উল্লেখ্য যে, কাইলৈৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল স্নাতকোত্তৰ প্ৰথম, তৃতীয় ষান্মাসিকৰ পৰীক্ষা। কেৱল অফলাইন মাধ্যমত পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিছিল GU কৰ্তৃপক্ষই। কিন্তু ক'ভিড পৰিস্থিতিৰ বাবে কৰ্তৃপক্ষৰ এই সিদ্ধান্তত অসন্তুষ্ট হৈছিল একাংশ শিক্ষাৰ্থী। এই সন্দৰ্ভত স্নাতকোত্তৰ ছাত্ৰ সন্থাইও কৰ্তৃপক্ষক জনাইছিল অনুৰোধ।


তাৰেই পৰিপ্ৰেক্ষিততে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই উক্ত দিনকেইটাৰ পৰীক্ষা স্থগিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। অৱশ্যে ২৭ জানুৱাৰীৰ পৰা হ'বলগীয়া পৰীক্ষাসমূহ পূৰ্বনিৰ্ধাৰিত সময়সূচী অনুসৰিয়েই অনুষ্ঠিত হ'ব। জাননীখনত এই কথাও উল্লেখ কৰে GU কৰ্তৃপক্ষই। স্থগিত ৰখা পৰীক্ষাসমূহৰ দিন শীঘ্ৰেই ঘোষণা কৰিব কৰ্তৃপক্ষই।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি