মুখ্যপৃষ্ঠা »খবৰ »অসম »Controversies Mounts on GU : একাধিক বিতৰ্কত সাঙোৰ খাই পৰিছে গুৱাহাটী বিশ্ববিদ্যালয়, পৰীক্ষা কেলেংকাৰীৰ পৰা ছাত্ৰীক যৌন নিৰ্যাতন, উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈৰ পৰৱৰ্তী পদক্ষেপ কি কি।

Controversies Mounts on GU : একাধিক বিতৰ্কত সাঙোৰ খাই পৰিছে গুৱাহাটী বিশ্ববিদ্যালয়, পৰীক্ষা কেলেংকাৰীৰ পৰা ছাত্ৰীক যৌন নিৰ্যাতন, উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈৰ পৰৱৰ্তী পদক্ষেপ কি কি।

উপাচাৰ্য, গুৱাহাটী বিশ্ববিদ্যালয়

APDCL নিযুক্তি কেলেংকাৰী, GUIDOL SCAM, সহঃ অধ্যাপকৰ দ্বাৰা ছাত্ৰীক যৌন নিৰ্যাতনৰ দৰে ঘটনাত সাঙোৰ খাই পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ কিদৰে মৰ্যাদা ৰক্ষা কৰিব উপাচাৰ্যই।

  • Share this:
আজি গুৱাহাটী বিশ্ববিদ্যালয় (Gauhati University)ৰ উপাচাৰ্য প্ৰফেছৰ প্ৰতাপজ্যোতি সন্দিকৈয়ে এক সংবাদমেল আহ্বান কৰে। বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সভাকক্ষত আয়োজিত উক্ত সংবাদমেলত উপাচাৰ্যগৰাকীয়ে APDCL নিযুক্তি কেলেংকাৰী, GUIDOL SCAM, সহঃ অধ্যাপকৰ দ্বাৰা ছাত্ৰীক যৌন নিৰ্যাতন ইত্যাদি বিভিন্ন বিষয়ক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে।

চৰকাৰী চাকৰি পৰীক্ষা অনুষ্ঠিত কৰা কমিটিৰ অধ্যক্ষ হোৱা সত্বেও বহু কাৰ্য তেখেতৰ অজ্ঞাতে হোৱা বুলি উল্লেখ উপাচাৰ্যগৰাকীৰ তেখেতে জনোৱা অনুসৰি APDCLৰ পৰীক্ষা অনুষ্ঠিত কৰা বিতৰ্কিত কোম্পানীটোক পুনৰ বহী স্কেনিঙৰ দায়িত্ব দিয়াৰ তেওঁ বিৰোধিতা কৰিছিল। কিন্তু তেওঁৰ অজ্ঞাতে বাহ্যিক পৰীক্ষা কোষৰ আহ্বায়কে সেই কোম্পানীকে বহী স্কেনিঙৰ দায়িত্ব অৰ্পণ কৰে।

উল্লেখ্য যে, ব্যাহিক পৰীক্ষা কোষৰ আহ্বায়কৰ দায়িত্বত আছিল সদ্য পদত্যাগী শ্ৰেণীসমূহৰ ভাৰপ্ৰাপ্ত সচিব ড৹ দিলীপ বৰা। আনকি পৰীক্ষাবহী স্কেনিং আৰম্ভ হোৱা বুলিও গম পোৱা নাছিল উপাচাৰ্যগৰাকীয়ে। পৰৱৰ্তী সময়ত CM VIGILANCEৰ পৰাহে এই সম্পৰ্কে অৱগত হয় উপাচাৰ্যগৰাকী। এই সন্দৰ্ভত CM VIGILANCEক উপাচাৰ্য প্ৰফেছৰ প্ৰতাপজ্যোতি সন্দিকৈয়ে ধন্যবাদ জ্ঞাপন কৰিছে। এইসমূহ বিষয় স্পষ্ট কৰিবলৈ সদ্য পদত্যাগী শ্ৰেণীসমূহৰ ভাৰপ্ৰাপ্ত সচিব ড৹ দিলীপ বৰাক ইতিমধ্যে কাৰণ দৰ্শোৱাৰ জাননী দিয়া হৈছে।

এই জাননী লাভৰ ৩ দিনৰ ভিতৰত ড৹ দিলীপ বৰাই উপাচাৰ্যগৰাকীয়ে উত্তৰ দিব লাগিব। APDCL নিযুক্তি কেলেংকাৰীৰ তথ্য পোহৰলৈ অহাৰ পাছতেই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই শ্ৰেণীসমূহৰ ভাৰপ্ৰাপ্ত সচিব ড৹ দিলীপ বৰাক অব্যাহতি দিব বিচাৰছিল। কিন্তু তাৰ পূৰ্বেই ড৹ বৰাই নিজাববীয়াকৈ অব্যাহতি গ্ৰহণ কৰে। এই কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা অংশকালীন কৰ্মচাৰী শশাংক শইকীয়াক ইতিমধ্যে তৎকালীনভাৱে বৰ্খাস্ত কৰা হৈছে। লগতে GUIUMS কোষৰ Out Source কোম্পানী ITAৰ কৰ্মচাৰী ত্ৰিদিব শৰ্মাক চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ কোম্পানীটোক উপাচাৰ্যগৰাকীয়ে আবেদন জনাইছে।অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিশ্ববিদ্যালয়ৰ নিৰাপত্তাৰ Out Source কোম্পানী GROUP5ৰ কৰ্মচাৰী বেবীলন কাকতি সন্দৰ্ভতো কোম্পানীটোকো আবেদন জনাইছে। লগতে ৩০ ছেপ্তেম্বৰৰ পৰা বিশ্ববিদ্যালয়ৰ নিৰাপত্তাৰ দায়িত্বৰ পৰাও অব্যাহতি দিয়া হৈছে GROUP5ক।

মন কৰিবলগীয়া কথা যে CM VIGILANCEৰ সোধা-পোছাৰ সন্মুখীন হোৱা প্ৰতিজন কৰ্মচাৰীক স্পষ্টীকৰণৰ বাবে কৰ্তৃপক্ষৰ তৰফৰ পৰা শ্ব'কজ নটিচ দিয়া হৈছে। ইয়াৰে CM VIGILANCEৰ প্ৰশ্নৰ সন্মুখীন হোৱা পঞ্জীয়ক ড৹ হেমন্ত কুমাৰ নাথে ইতিমধ্যে নিজাববীয়াকৈ স্পষ্টীকৰণ দিছে। জানিব পৰা মতে এই স্পষ্টীকৰণত CM VIGILANCEএ সাক্ষ্য লোৱা বুলি পঞ্জীয়কগৰাকীয়ে উল্লেখ কৰিছে।

ইফালে GUIDOL কেলেংকাৰী সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰিছে উপাচাৰ্যগৰাকীয়ে। কেলেংকাৰীৰ মূল অভিযুক্ত ড৹ কন্দৰ্প দাসক স্থিতি স্পষ্ট কৰিবলৈ কাৰ্যবাহী পৰিষদে দিয়া ১০ দিন শেষ হোৱা বুলি তেখেতে জানিবলৈ দিয়ে। স্থিতি স্পষ্টৰ বাবে আৰু অধিক সময়ৰ বাবে আৱদন কৰিছে ড৹ কন্দৰ্প দাসে। কিন্তু তেওঁক আৰু অধিক সময় দিয়া নহ'ব বুলি উল্লেখ উপাচাৰ্যগৰাকীৰ। এই সংক্ৰান্ত অহা ৫ অক্টোবৰত কাৰ্যবাহী পৰিষদৰ বৈঠক হোৱাৰ সম্ভাৱনা আছে।

আনহাতে, ছাত্ৰীক অশ্লীল মেচেজযোগে যৌন আতিশয্য চলাই নিলম্বিত সহঃ অধ্যাপক অমিত পাণ্ডে সন্দৰ্ভতো মন্তব্য উপাচাৰ্য প্ৰফেছৰ প্ৰতাপজ্যোতি সন্দিকৈৰ।
তেখেতে জানিবলৈ দিয়া মতে সহঃ অধ্যাপক পাণ্ডেক ইতিমধ্যে নিলম্বন কৰা হৈছে। সহঃ অধ্যাপকজনৰ বিৰুদ্ধে ইতিমধ্যে একাধিক ছাত্ৰীয়ে দাখিল কৰিছে অভিযোগ। বিষয়টোত আইনৰ সহায় লোৱাৰ চিন্তা চৰ্চা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ। ছাত্ৰীৰ সুৰক্ষাৰ দিশটোত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষ সদায়েই সজাগ বুলি উল্লেখ উপাচাৰ্যগৰাকীৰ। লগতে যিকোনো অনিয়মক ৰোধৰ ক্ষেত্ৰতো বিশ্ববিদ্যালয় কৰ্তৃপক্ষ তৎপৰ বুলি তেওঁ জনায়।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি