অহা ২০ জুনলৈ স্থগিত গুৱাহাটী বিশ্ববিদ্যালয় (Gauhati University) আৰু ইয়াৰ অন্তৰ্গত কলেজৰৰ PG শাখাৰ সকলো পৰীক্ষা। লগতে স্থগিত GU ISTৰ পৰীক্ষাসমূহো। বিশ্ববিদ্যালয় কৰ্তপক্ষৰ সৈতে স্নাতকোত্তৰ ছাত্ৰ সন্থাৰে হোৱা আলোচনাৰ অন্তত এই সিদ্ধান্ত ঘোষণা কৰা হয়।।
উল্লেখ্য যে সম্প্ৰতি সংহাৰী বানৰ (Flood) কৱলত আছে সমগ্ৰ ৰাজ্য। ইয়াৰোপৰি কৃত্ৰিম বানত ডুব গৈছে বিশ্ববিদ্যালয় চৌহদৰ বহুকেইটা অঞ্চল। বুৰিছে বিশ্ববিদ্যালয়ৰ ছাউথ কেম্পাছৰ কেইবাটাও আৱাস। কৃত্ৰিম বানৰ ফলত ছাত্ৰাৱাসমূহত বৰ্তমান নাই খোৱাৰ লগতে অন্যান্য কামত ব্যৱহাৰ কৰিবলগীয়া পানী। এই সমস্যাসমূহৰ সংক্ৰান্তত আজি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰে এক আলোচনাত মিলিত হয় গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থা। এই আলোচনাতেই ২০ জুনলৈ পৰীক্ষা স্থগিতকৰণৰ সিদ্ধান্ত লোৱা হয়।
ইয়াৰ লগতে বানৰ ফলত হোৱা খোৱাপানী তথা অন্যান্য সমস্যাৰো সমাধানৰো আশ্বাস বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ।
ইফালে ২০ জুনৰ পৰৱর্তী পৰীক্ষাসমূহ পূৰ্বনিৰ্ধাৰিত সময়তে অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|