কিন্তু এই ৰেগিঙৰ অভিযোগ নাকচ কৰে বিশ্ববিদ্যালয়ৰ ড° বাণীকান্ত কাকতি তিনি মহলীয়া ছাত্ৰাবাসৰ জুনিয়ৰ ছাত্ৰসকলে। ছাত্ৰসকলে স্পষ্টকৈ জানিব দিয়ে যে হজৰত আলিৰ এই অভিযোগ সম্পূৰ্ণ ৰূপে মিছা আৰু বিশ্ববিদ্যালয়ত কোনো ধৰণৰ ৰেগিং সংঘটিত নহয়।
খবৰ অনুসৰি, হজৰত আলিয়ে ব্যক্তিগত কাজিয়াক ৰেগিঙৰ ৰূপ দিয়া বুলি জানিব দিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ড° বাণীকান্ত কাকতি তিনি মহলীয়া ছাত্ৰাবাসৰ ছাত্ৰসকলে। হজৰত আলিয়ে ২০২২ বৰ্ষৰ জুলাই মাহতে ছাত্ৰাবাস এৰিছিল।