গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সতীর্থ সন্মিলন দেওবাৰে অনুষ্ঠিত হয়। ১৯৬৭ চনত প্ৰতিষ্ঠিত বিভাগটোৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ উদ্যোগত আয়োজন কৰা হয় এই সন্মিলনৰ। বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত ভৱনত দিনজোৰা কাৰ্যসূচীৰে আয়োজন হয় এই সন্মিলনৰ।
উল্লেখযোগ্য যে, সোণালী জয়ন্তী বৰ্ষ সম্পূৰ্ণ কৰা বিভাগটোৰ এয়াই হৈছে প্ৰথমখন সতীর্থ সন্মিলন। সন্মিলনৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় এক স্মাৰক বক্তৃতানুষ্ঠান। নিৰ্দিষ্ট বক্তা হিচাপে বক্তৃতা আগবঢ়ায় ৰাজ্যিক তথ্য আয়ুক্ত সমুদ্ৰগুপ্ত কাশ্যপে।
সন্মিলনত উপস্থিত থাকে বিভাগটোৰ প্ৰায়সংখ্যক প্ৰাক্তন শিক্ষাৰ্থী। মন কৰিবলগীয়া যে, এই বিভাগটো হৈছে উত্তৰ-পূৱৰ সাংবাদিকতা পাঠ্যক্ৰমৰ প্ৰথমটো বিভাগ।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 20, 2023, 09:33 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।