দেশৰ উচ্চ শিক্ষাৰ এক অগ্রণী শিক্ষা প্রতিষ্ঠান তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন বিশ্ববিদ্যালয় ঐতিহাসিক গুৱাহাটী বিশ্ববিদ্যালয়ৰ ১৯৬৭ চনতেই প্রতিষ্ঠা লাভ কৰা যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰথমখন 'সতীর্থ সন্মিলন' এদিনীয়া কাৰ্যসূচীৰে আগন্তুক ১৯ মার্চ, ২০২৩ তাৰিখে অনুষ্ঠিত কৰিবলৈ আয়োজন কৰা হৈছে। এই সম্পর্কে বিভাগটোৰ মুৰব্বী অধ্যাপক তথা সতীর্থ সন্মিলনৰ পৃষ্ঠপোষক ড৹ চন্দন কুমাৰ গোস্বামী, উদযাপন সমিতিৰ সাধাৰণ সম্পাদক ড৹ ৰবীন্দ্ৰ শৰ্মা আৰু প্ৰচাৰ সমিতিৰ আহ্বায়ক ড৹ নীলাক্ষি কলিতাই কালি মঙলবাৰৰ দিনটোত গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰে।
সংবাদমেলৰ জৰিয়তে তেওঁলোকে এই সন্মিলনে কৃষ্ণচূড়াৰ নগৰীৰূপে খ্যাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ন-পুৰণি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰে বিশ্ববিদ্যালয়খনৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগটো জীপাল কৰি তুলিব বুলি ব্যক্ত কৰে। উল্লেখ্য যে, পোনপ্ৰথমবাৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ উদ্যোগত এই সতীৰ্থ সন্মিলনৰ আয়োজন কৰা হৈছে। গৌৰৱোজ্বল ৫৫ বছৰীয়া এই পুৰণি বিভাগটোৱে যোগাযোগ আৰু সাংবাদিকতাৰ স্নাতক ডিগ্ৰীৰ ডিপ্ল'মা, পি জি পাঠ্যক্রম আৰু গৱেষণা (এম.ফিল আৰু পি.এইচ.ডি. সহ) পাঠ্যক্ৰমৰ শিক্ষা প্ৰদান কৰি আহিছে।
সংবাদমেলত বিভাগটোৰ মুৰব্বী ড৹ চন্দন কুমাৰ গোস্বামীয়ে বিশ্ববিদ্যালয়ৰ এই গৌৰৱোজ্জ্বল সন্মিলনখনিত বিভাগৰ সৈতে এটি নিবিড় সম্পর্ক অক্ষুণ্ণ ৰাখিবলৈ প্ৰতিগৰাকী প্রাক্তন ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ আন্তৰিকতাৰে কামনা কৰে।
সতীর্থ সন্মিলন উদযাপন সমিতিৰ সভাপতি কিশোৰ উপাধ্যায়ে তেওঁৰ বিবৃতিত কয় যে, ১৯৬৭ চনত প্ৰতিষ্ঠা হোৱা এই বিভাগটোৰ সকলো প্রাক্তন ছাত্র-ছাত্ৰীক সংযোগ কৰাৰ লক্ষ্যৰে এই সন্মিলনখনি আয়োজন কৰা হৈছে। এনেধৰণৰ সন্মিলনৰ জৰিয়তে শিক্ষার্থীসকলক আজীৱন বিভাগটোৰ সৈতে জড়িত হৈ থাকিবলৈ উৎসাহিত আৰু অনুপ্ৰাণিত কৰি থাকিব।
মন কৰিবলগীয়া যে, সন্মিলনখনিৰ লগত সংগতি ৰাখি পতাকা উত্তোলন, শ্বহীদ তৰ্পন, ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্তৃতা অনুষ্ঠান, ন-পুৰণি ছাত্ৰ -ছাত্ৰীসকলৰ অন্তৰস অনুষ্ঠান, সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। অনুষ্ঠানটিত বিভাগৰ প্রাক্তন শিক্ষার্থী যিসকলে সমাজৰ বিভিন্ন ক্ষেত্ৰত উজ্জ্বলি বিভাগটোক গৌৰৱান্বিত কৰিছে সেইসকলেও অংশগ্ৰহণ কৰিব। ইফালে, সতীর্থ সন্মিলনখনিৰ স্মৃতি ধৰি ৰখাৰ প্ৰয়াসেৰে এখন স্মৃতিগ্ৰন্থ প্ৰকাশৰো যো-জা কৰি থকা হৈছে। প্রাক্তন শিক্ষার্থীসকলক অনুষ্ঠানত যোগদানৰ বাবে গুগল ফর্ম পূৰণ কৰি সদস্যভৰ্তি হ'ব পাৰিব বুলিও বিভাগৰ তৰফৰ পৰা জানিবলৈ দিছে।
এই সন্মিলনত অংশগ্ৰহণৰ বাবে আৰু সদস্য পদৰ বাবে দুটা পদ্ধতি আছে বুলিও কিশোৰ উপাধ্যায়ে জানিবলৈ দিয়ে। তেওঁ কয় যে এবছৰীয়া সদস্য পদৰ বাবে পঞ্জীয়ন ৫০০ টকা আৰু আজীৱন সদস্য পদৰ বাবে পঞ্জীয়নৰ মাছুল ৫০০০ টকা ধাৰ্য কৰা হৈছে। এই উদ্দেশ্যে পঞ্জাব নেচনেল বেংক, গুৱাহাটী বিশ্ববিদ্যালয় শাখাৰ একাউন্ট নং ১৮৩৯২০০১০০০০৬৩৫০ (আই এফ এচ চি: PUNB0183920 )ত সমূহ প্রাক্তন ছাত্র-ছাত্রীক পঞ্জীয়ন মাচুল জমা দিবলৈ আহ্বান জনাইছে। পঞ্জীয়নৰ অন্তিম তাৰিখ ১০ মার্চ, ২০২৩ । এই সম্পর্কে বিশদভাৱে জানিবলৈ ফেচবুক পেজ: Alumni Association - DCJGU অথবা 9854072016, 94350191৩১ 8761042989 নম্বৰত যোগাযোগ কৰিবলৈওঁ আহ্বান জনায়।
সতীর্থ সন্মিলন উদযাপন সমিতিৰ সাধাৰণ সম্পাদক ড° ৰবীন্দ্ৰ শৰ্মাই সন্মিলনৰ বিষয়ে অৱগত কৰি পঞ্জীয়ন প্ৰক্ৰিয়াৰ সবিশেষ বিৱৰণ দাঙি ধৰে। লগতে ইংৰাজী, অসমীয়া আৰু বেংগলী ভাষাত প্রকাশ পাবলগীয়া স্মৃতিগ্ৰন্থখনিৰ বাবে প্রাক্তন ছাত্র-ছাত্রীসকলক প্রবন্ধ, গল্প, কবিতা, লিমাৰিক, বিশ্ববিদ্যালয়ৰ স্মৃতি বিজড়িত অনুভৱ, কার্টুন, ফটোগ্রাফ আদি অহা ২৮ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখৰ ভিতৰত souvenir.alumnimeetdcjgu@gmail.comৰ জৰিয়তে প্ৰেৰণ কৰিবলৈ তেওঁ আহ্বান জনায়।
Published by: Sehnaz Begum
FIRST PUBLISHED : February 08, 2023, 13:22 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।