মুখ্যপৃষ্ঠা »খবৰ »অসম »শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইনৰ ষান্মাসিক পৰীক্ষাৰ দিন সলনি; স্নাতক পঞ্চম ষাণ্মাসিকৰ পুনৰ্মূল্যায়িত উত্তৰ বহী চোৱাৰ দিনো সলনি

শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইনৰ ষান্মাসিক পৰীক্ষাৰ দিন সলনি; স্নাতক পঞ্চম ষাণ্মাসিকৰ পুনৰ্মূল্যায়িত উত্তৰ বহী চোৱাৰ দিনো সলনি

বিশ্ববিদ্যালয় কৰ্তৃপক্ষই স্নাতক পঞ্চম ষাণ্মাসিকৰ পৰীক্ষাৰ পুনৰ্মূল্যায়িত উত্তৰ বহী চোৱাৰ দিনৰো সাল-সলনি কৰাৰ কথা উল্লেখ কৰিছে।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষই স্নাতক পঞ্চম ষাণ্মাসিকৰ পৰীক্ষাৰ পুনৰ্মূল্যায়িত উত্তৰ বহী চোৱাৰ দিনৰো সাল-সলনি কৰাৰ কথা উল্লেখ কৰিছে।

  • Share this:
গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে বিশেষ খবৰ। আগন্তুক ১৫ ছেপ্তেম্বৰত অনুষ্ঠিত হ'বলগীয়া বিশ্ববিদ্যালয়ৰ অধীনস্থ আইনৰ ষান্মাসিক পৰীক্ষা বাতিল। শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি উপলক্ষে চৰকাৰী নিৰ্দেশ অনুসৰি দিয়া বন্ধৰ বাবে এই সিন্ধান্ত বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ। উল্লেখ্য যে, শেহতীয়াকৈ অসম চৰকাৰে শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি উপলক্ষে ১৪ ছেপ্টেম্বৰৰ পৰিবৰ্তে ১৫ ছেপ্টেম্বৰত বন্ধ ঘোষণা কৰিছে। পূৰ্বৰ অধিসূচনাত এই বন্ধটি ১৪ ছেপ্টেম্বৰত দিয়া হৈছিল। সেয়েহে চৰকাৰৰ সিদ্ধান্তৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ে লোৱা সিদ্ধান্ত এক জাননীৰ কৰ্তৃপক্ষই সকলোকে অৱগত কৰিছে।

উক্ত জাননীত বাতিল হোৱা পৰীক্ষাসমূহৰ নতুন দিন পৰৱৰ্তী পৰ্যায়ত ঘোষণা কৰা হ'ব বুলি জনোৱাৰ লগতে আন পৰীক্ষাসমূহ নিৰ্ধাৰিত সূচী অনুসৰিয়ে অনুষ্ঠিত হ'ব বুলি জনাইছে। মন কৰিবলগীয়া কথা যে, জাননীখনত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ স্নাতক পঞ্চম ষাণ্মাসিকৰ পৰীক্ষাৰ পুনৰ্মূল্যায়িত উত্তৰ বহী চোৱাৰ দিনৰো সাল-সলনি কৰাৰ কথা উল্লেখ কৰিছে। উত্তৰ বহী চোৱাৰ দিন অহা ১৫ ছেপ্তেম্বৰৰ পৰিৱৰ্তে ২৬ ছেপ্তেম্বৰত ধাৰ্য কৰা হৈছে। উক্ত দিনা নিৰীক্ষণ বাবে আবেদন জনোৱা শিক্ষাৰ্থীয়ে তেওঁলোকৰ উত্তৰ বহীসমূহ চাব পাৰিব।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি