কৃষ্ণচূড়াৰ নগৰী গুৱাহাটী বিশ্ববিদ্যালয় (Gauhati University)ত বলিছে নিৰ্বাচন (elections)ৰ বতাহ। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বহুকেইটা ৰাজনৈতিক-অৰাজনৈতিক দলৰ ছাত্ৰ সংগঠনৰ প্ৰাৰ্থীয়ে। নিৰ্বাচনক লৈ বিশ্ববিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰী ব্যস্ত হৈ পৰিছে।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন। অহা ৩০ নৱেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ'ব স্নাতকোত্তৰ (Postgraduate) ২০২১-২২ বৰ্ষৰ নিৰ্বাচন। এই নিৰ্বাচনত ১৫টা পদৰ বাবে মুঠ ৩৫গৰাকী প্ৰাৰ্থী (total of 35 candidates)য়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।
ইফালে গুৱাহাটী বিশ্ববিদ্যালয়ত হ'বলগীয়া এই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব ১ ডিচেম্বৰত। অসমৰ লোক-সংস্কৃতি, বিহু নৃত্য, লোক গীত, অভিনয়, সংগীতেৰে নিৰ্বাচনী প্ৰচাৰ চলোৱা ছাত্ৰ-ছাত্ৰীয়ে এতিয়া আশা কৰিছে তেওঁলোকৰ ছাত্ৰ সংগঠনৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হ'ব। অপেক্ষা কেৱল ১ ডিচেম্বৰলৈ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|