মুখ্যপৃষ্ঠা »খবৰ »অসম »গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ উদ্যোগত এদিনীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ উদ্যোগত এদিনীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন

‘২০১৪ চনৰ পৰা এক্ট ইষ্ট পলিচিৰ জৰিয়তে উত্তৰ-পূব ভাৰতত সংযোগ উন্নতি' শীর্ষক বিষয়ত শ্বিলঙৰ ICSSR-NERCৰ পৃষ্ঠপোষকতাত এই আলোচনা চক্ৰখন অনুষ্ঠিত হয়।

‘২০১৪ চনৰ পৰা এক্ট ইষ্ট পলিচিৰ জৰিয়তে উত্তৰ-পূব ভাৰতত সংযোগ উন্নতি' শীর্ষক বিষয়ত শ্বিলঙৰ ICSSR-NERCৰ পৃষ্ঠপোষকতাত এই আলোচনা চক্ৰখন অনুষ্ঠিত হয়।

‘২০১৪ চনৰ পৰা এক্ট ইষ্ট পলিচিৰ জৰিয়তে উত্তৰ-পূব ভাৰতত সংযোগ উন্নতি' শীর্ষক বিষয়ত শ্বিলঙৰ ICSSR-NERCৰ পৃষ্ঠপোষকতাত এই আলোচনা চক্ৰখন অনুষ্ঠিত হয়।

  • Share this:
গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ উদ্যোগত শনিবাৰে বিশ্ববিদ্যালয়ৰ চৌহদত এদিনীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন কৰা হয়। ‘২০১৪ চনৰ পৰা এক্ট ইষ্ট পলিচিৰ জৰিয়তে উত্তৰ-পূব ভাৰতত সংযোগ উন্নতি' শীর্ষক বিষয়ত শ্বিলঙৰ ICSSR-NERCৰ পৃষ্ঠপোষকতাত এই আলোচনা চক্ৰখন অনুষ্ঠিত হৈ যায়। অনুষ্ঠানৰ আৰম্ভণিতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক ৰাতুল মহন্তই আদৰণি ভাষণ প্ৰদান কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক প্রতাপজ্যোতি সন্দিকৈয়ে উদ্বোধন কৰা আলোচনা চক্ৰখনত মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰে শ্বিলংৰ ICSSR-NERC সন্মানীয় সঞ্চালক তথা শ্বিলঙৰ নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটিৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ভাগীৰথী পাণ্ডাই।

প্রবীণ অর্থনীতিবিদ আৰু বিভাগটোৰ প্ৰাক্তন অধ্যাপক যেনে অধ্যাপক খুৰ্ছিদ আলম, অধ্যাপক শ্ৰীনাথ বৰুৱা, অধ্যাপক কন্দৰ্প বৰ্মন আৰু অধ্যাপক অৰ্চনা শৰ্মা আদিও উপস্থিত থাকে। সমান্তৰালভাৱে তিনিটাকৈ কাৰিকৰী অনুষ্ঠানো অনুষ্ঠিত কৰা হয়, য'ত বিভিন্ন ৰাজ্য আৰু প্ৰতিষ্ঠানৰ গৱেষকসকলে তেওঁলোকৰ গৱেষণামূলক কামসমূহ উপস্থাপন কৰে। গৱেষণা পত্ৰসমূহৰ বিষয়বস্তুসমূহে উন্নত অর্থনৈতিক, সাংস্কৃতিক আৰু ৰাজনৈতিক সম্পৰ্কৰ বাবে বিভিন্ন অংশীদাৰৰ মাজত সংযোগ আৰু সহযোগিতাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্বৰ ওপৰত আলোকপাত কৰে। অধ্যাপক সৌন্দৰজা বৰবৰা (আই আই টি- গুৱাহাটী), অধ্যাপক মৃণাল কান্তি দত্ত (আই আই টি- গুৱাহাটী), অধ্যাপক জয়দীপ বৰুৱা (কে কে এইচ এছ ইউ, গুৱাহাটী) আৰু অধ্যাপক অমৰজ্যোতি মহন্ত (ডিব্ৰুগড় বিশ্ববিদ্যালয়)ৰ সৈতে এক সমৃদ্ধিশালী আৰু বিশদ পেনেল আলোচনাৰে দিনটোৰ সামৰণি পৰে। উক্ত পেনেলৰ অধ্যক্ষতাৰ দায়িত্ব পালন কৰে অধ্যাপক এম পি বেজবৰুৱা দেৱে।

পেনেলটোৱে এই সিদ্ধান্তত উপনীত হয়- "এক্ট ইষ্ট পলিচিৰ বাবে ২০১৪ চনৰ পিছত বিপুল অগ্রগতি দেখা যায়। কিন্তু ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে ভাৰতৰ চুবুৰীয়া দেশসমূহৰ সৈতেও উন্নত সহযোগিতা আৰু শক্তিশালী বান্ধোনৰে আমি ইতিমধ্যে যি উন্নয়নমূলক পথত আগবাঢ়িছো, সেই প্ৰক্ৰিয়াটো অব্যাহত ৰখা অত্যাৱশ্যকীয়।"

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি