দেওবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ অনুষ্ঠিত হ’ব। ১৯৬৭ চনত প্ৰতিষ্ঠিত বিভাগটোৰ প্ৰাক্তন শিক্ষাৰ্থীসকলে এই সমাৰোহৰ আয়োজন কৰিছে। বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত ভৱনত দিনজোৰা কাৰ্যসূচীৰে প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ আয়োজন হ'ব।
উল্লেখযোগ্য যে, সোণালী জয়ন্তী বৰ্ষ সম্পূৰ্ণ কৰা বিভাগটোৰ এইয়াই হ'ব প্ৰথমখন প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ। এই সমাৰোহত বিভাগটোৰ দুই প্ৰাক্তন ছাত্ৰদ্বয় ক্ৰমে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকিব।
ইয়াৰোপৰি, প্ৰাক্তন ছাত্ৰ তথা বৰ্তমান আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যও উপস্থিত থাকিব সন্মিলনখন। লগতে বিভাগটোৰ প্ৰায়সংখ্যক প্ৰাক্তন শিক্ষাৰ্থী উপস্থিত হৈ সমাৰোহৰ শোভা বঢ়াব। ইতিমধ্যে প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে।
মন কৰিবলগীয়া যে, এই বিভাগটো হৈছে উত্তৰ-পূৱৰ সাংবাদিকতা পাঠ্যক্ৰমৰ প্ৰথমটো বিভাগ।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 18, 2023, 15:03 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।