মুখ্যপৃষ্ঠা »খবৰ »অসম »Gauhati University: ২৪ ফেব্ৰুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৩০তম সমাৱৰ্তন; অৱসৰপ্ৰাপ্ত অধ্যাপক দুলাল চন্দ্ৰ গোস্বামীক অ'নাৰেৰী ডক্টৰ অৱ ছায়েন্স তথা ড৹ মনিষা বেহাল, বিশ্বজ্যোতি বৰ্মনলৈ অ'নাৰেৰী ডক্টৰ অৱ ফিল'ছফী সন্মান

Gauhati University: ২৪ ফেব্ৰুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৩০তম সমাৱৰ্তন; অৱসৰপ্ৰাপ্ত অধ্যাপক দুলাল চন্দ্ৰ গোস্বামীক অ'নাৰেৰী ডক্টৰ অৱ ছায়েন্স তথা ড৹ মনিষা বেহাল, বিশ্বজ্যোতি বৰ্মনলৈ অ'নাৰেৰী ডক্টৰ অৱ ফিল'ছফী সন্মান

ডিমাচাৰ এগৰাকী প্ৰখ্যাত কবি, লেখক, প্ৰবন্ধকাৰ আৰু সমাজকৰ্মী বিশ্বজ্যোতি বৰ্মনক অ'নাৰেৰী পিএইচডি ডিগ্ৰী প্ৰদান কৰা হ'ব।

ডিমাচাৰ এগৰাকী প্ৰখ্যাত কবি, লেখক, প্ৰবন্ধকাৰ আৰু সমাজকৰ্মী বিশ্বজ্যোতি বৰ্মনক অ'নাৰেৰী পিএইচডি ডিগ্ৰী প্ৰদান কৰা হ'ব।

  • Share this:
উত্তৰ-পূৱ ভাৰতৰ শৈক্ষিক জগতৰ কাণ্ডাৰীস্বৰূপ ঐতিহাসিক গুৱাহাটী বিশ্ববিদ্যালয়ে আগন্তুক ২৪ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখে ইয়াৰ ৩০ তম সমাৱৰ্তন অনুষ্ঠিত কৰিব। জানিব পৰা মতে, বিশ্ববিদ্যালয়খনত অধ্যয়ন কৰি যোৱা সৰ্বমুঠ ৩,২৮৭ গৰাকী শিক্ষাৰ্থী তথা গৱেষক-গৱেষিকাই এই সমাৱৰ্তনত প্ৰদান কৰিবলগা ডিগ্ৰীৰ বাবে আবেদন কৰিছে। এইসকলৰ ভিতৰত ৭৫ জনে পিএইচডি ডিগ্ৰীৰ বাবে আবেদন কৰিছে। উল্লেখ্য যে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে সমাৱৰ্তনৰ সভাপতিত্ব কৰাৰ বিপৰীতে ভাৰতীয় সামাজিক বিজ্ঞান গৱেষণা পৰিষদৰ অধ্যক্ষ ড০ জে কে বাজাজ (পদ্মশ্ৰী বঁটা প্ৰাপ্ত)এ মুখ্য অতিথিৰূপে উপস্থিত থাকি সমাৱৰ্তন ভাষণ প্ৰদান কৰিব।

প্ৰখ্যাত পৰিৱেশবিদ আৰু ব্ৰহ্মপুত্ৰ নদীৰ বিশেষজ্ঞ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দুলাল চন্দ্ৰ গোস্বামীক সমাৱৰ্তন অনুষ্ঠানত অ'নাৰেৰী ডক্টৰ অৱ ছায়েন্স ডিগ্ৰী প্ৰদান কৰা হ'ব। ইফালে, এগৰাকী ভাৰতীয় সমাজ উন্নয়ন এক্টিভিষ্ট তথা এগৰাকী কট্টৰ নাৰীবাদী, নৰ্থ ইষ্ট নেটৱৰ্কৰ সহ-প্ৰতিষ্ঠাপক ড৹ মনিষা বেহাল আৰু ডিমাচাৰ এগৰাকী প্ৰখ্যাত কবি, লেখক, প্ৰবন্ধকাৰ আৰু সমাজকৰ্মী বিশ্বজ্যোতি বৰ্মনক ক্ৰমান্বয়ে অ'নাৰেৰী পিএইচডি ডিগ্ৰী প্ৰদান কৰা হ'ব।

গুৱাহাটী বিশ্ববিদ্যালয়ে ৩০ তম সমাৱৰ্তনৰ সফলতাৰ দিশত সহযোগিতাৰ বাবে সংশ্লিষ্ট সকলোকে আবেদন জনাইছে।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি