দেশজুৰি উলহ-মালহৰে আৰম্ভ হৈছে গণেশ পূজাৰ প্ৰস্তুতি। এইবাৰ গণেশ চতুৰ্থী ব্যতিক্ৰমী ৰূপত আয়োজন কৰা হৈছে মহানগৰীৰ পাণ্ডুত। পাণ্ডুৰ ইনষ্টিটিউট কলনীৰ ৰিভাৰ চাইড স্পৰ্টিং ক্লাৱে আয়োজন কৰিছে পৰিৱেশ সংৰক্ষণৰ বাৰ্তাৰে গণেশ পূজাৰ মণ্ডপ।
গছৰ আৰ্হিত তৈয়াৰ কৰিছে ভগৱান গণেশৰ প্ৰতিমূৰ্তি। বনানিকৰণক বিষয়বস্তু হিচাবে লৈ নিৰ্মিত এই পূজা মণ্ডপ হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। এই মণ্ডপৰ জৰিয়তে ৰিভাৰ চাইড স্পৰ্টিং ক্লাৱে দিছে গছ-গছনি সংৰক্ষণৰ বাৰ্তা।
গছ থাকিলেহে মানুহ থাকিব চিন্তাৰে সকলোকে আগবাঢ়ি যাবলৈ আহ্বান আয়োজকসকলৰ। ইফালে গছৰ আৰ্হিত তৈয়াৰ কৰা মণ্ডপত চেলফি উঠিবলৈ আগমন ঘটিছে বিভিন্নজনৰ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|