
সচিবালয়ত কাম কৰিলে ডিজিটেল পদ্ধতিৰে কাম কৰিব জানিবই লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। কম্পিউটাৰ নজনা কৰ্মচাৰীসকলৰ বাবে পৃথক কোঠাৰ ব্যৱস্থা কৰাও হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।
সচিবালয়ত কাম কৰিলে ডিজিটেল পদ্ধতিৰে কাম কৰিব জানিবই লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। কম্পিউটাৰ নজনা কৰ্মচাৰীসকলৰ বাবে পৃথক কোঠাৰ ব্যৱস্থা কৰাও হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।
আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু দিৱস। আজিৰ দিনটো লোক কল্যাণ দিৱস হিচাপে পালন হৈছে । ইয়াৰ লগত সংগতি ৰাখি চৰকাৰে আগবঢ়াইছে লোক সেৱা বঁটা। সমাজৰ বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়োৱাৰ বাবে ১০ জন কৰ্মচাৰীক মুখ্যমন্ত্ৰীয়ে সন্মানিত কৰিছে এই বঁটাৰে। লোককল্যাণ দিৱস উপলক্ষ্যে আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে সচিবালয়ৰ সকলো কাম পেপাৰবিহীন কৰাৰ কথা উল্লেখ কৰি কয় যে ২ অক্টোবৰৰ পৰা অসম সচিবলয়ৰ সকলো কাম ডিজিটেল হ’ব ।
২ অক্টোবৰৰ পৰা অসমৰ কোনো বিষয়াই মেনুৱেল ফাইল নলয় । কোনোবাই যদি কিবা কামত অসম সচিবালয়লৈ আহে তেলেহলে সচিবালয়ৰ বাহিৰত কম্পিউটাৰত টাইপ কৰিলেই সকলো নিষ্পত্তি হ’ব । সচিবালয়ত কাম কৰা কৰ্মচাৰীসকলক কম্পিউটাৰ শিকিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- 'কম্পিউটাৰ শিকিব নোখোজা কৰ্মচাৰীক কোনেও কাম নিদিব। তেওঁলোকক আমাৰ মাজত নাই বুলি আমি ধৰি লম।' সচিবালয়ত কাম কৰিলে ডিজিটেল পদ্ধতিৰে কাম কৰিব জানিবই লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। কম্পিউটাৰ নজনা কৰ্মচাৰীসকলৰ বাবে পৃথক কোঠাৰ ব্যৱস্থা কৰাও হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|