মুখ্যপৃষ্ঠা »খবৰ »অসম »মুখ্যমন্ত্ৰীৰ উপস্থিতিতি গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটীত স্থাপন কৰিলে ৰাষ্ট্ৰীয় ফৰেনছিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা

মুখ্যমন্ত্ৰীৰ উপস্থিতিতি গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটীত স্থাপন কৰিলে ৰাষ্ট্ৰীয় ফৰেনছিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিতি গৃহমন্ত্ৰী অমিত শ্বাহে কৰিলে অসমত ৰাষ্ট্ৰীয় ফৰেনছিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিতি গৃহমন্ত্ৰী অমিত শ্বাহে কৰিলে অসমত ৰাষ্ট্ৰীয় ফৰেনছিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত কয়, "আজি দিনটো আমাৰ বাবে আনন্দৰ দিন। এইমছৰ পিছতে আজি ফৰেনছিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছে। অসমবাসী ৰাইজলৈ মোৰ অভিনন্দন।"

  • Share this:
আজি কলাক্ষেত্ৰত ৰাষ্ট্ৰীয় ফৰেনছিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত কয়, "আজি দিনটো আমাৰ বাবে আনন্দৰ দিন। এইমছৰ পিছতে আজি ফৰেনছিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছে। অসমবাসী ৰাইজলৈ মোৰ অভিনন্দন।"

উল্লেখযোগ্য যে, গুজৰাট ফৰেনছিক বিশ্ববিদ্যালয়ক পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় ফৰেনছিক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হয়। গুৱাহাটীত স্থাপন হ'ব লগা এই বিশ্ববিদ্যালয় চৌহদ হ'ব দেশত বিশ্ববিদ্যালয়খনৰ দশমটো চৌহদ। মুখ্যমন্ত্ৰীয়ে কয় যে, "গুৱাহাটী চৌহদটো কেৱল অসম বা উত্তৰ-পূৰ্বাঞ্চলৰ বাবেই নহয় সমগ্ৰ দক্ষিণ পূব এছিয়াৰ বাবে আটকধুনীয়াকৈ নিৰ্মাণ কৰা হ'ব।" তেওঁ লগতে কয় যে, "অসমত ফৰেনচিক ব্যৱস্থাটো দুৰ্বল থকা কাৰণে আমি ক্ৰিমিনেল জাষ্টিচ ব্যৱস্থাটোক যিমান আগুৱাব লাগিছিল সিমান দূৰ আমি আগুৱাব পৰা নাছিলো। কিন্তু এতিয়াৰ পৰা কনভিকচন বাঢ়িব বুলি আশা কৰিছো।" মুখ্যমন্ত্ৰীয়ে ইয়াৰ বাবে অমিত শ্বাহকো কৃতজ্ঞতা জ্ঞাপন কৰে।

আজিৰ অনুষ্ঠানতে গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰে অসম আৰক্ষীৰ 'অসম সেতু' নামৰ এক পৰ্টেল। এই পৰ্টেলযোগে জনসাধাৰণে ঘৰতে বহি লাভ কৰিব পাৰিব আৰক্ষীৰ বিভিন্ন সেৱা। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে অসমত হ্ৰাস পাইছে অপৰাধৰ সংখ্যা।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি