আগন্তুক ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেটৰ প্ৰাকক্ষণত আজি বিত্তমন্ত্ৰী অজন্তা নেওগে জনতা ভৱনত এক প্ৰাক বাজেট বৈঠক সম্বোধন কৰে । জনসাধাৰণৰ আশা আকাংক্ষাৰ প্ৰতিফলিত হোৱাকৈ এখন জনমুখী বাজেট প্ৰস্তুতৰ বাবে বিভিন্ন উদ্যোগিক প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলৰ সৈতে কৰ সম্পৰ্কে আলোচনা কৰে ।
আজিৰ বৈঠকত বিত্ত বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নাৰ্লিকাৰ আৰু কৰ আয়ুক্ত ৰাকেশ আগৰৱালাও উপস্থিত থাকে । উল্লেখযোগ্য যে দহ মাৰ্চৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন ৷ বাজেট অধিৱেশনৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে অসম বিধানসভাৰ সচিবালয়ে ৷ আৰম্ভ হৈছে বিধায়কে প্ৰশ্ন প্ৰদানৰ পৰ্ব ৷
Published by: Kokil Sarma
FIRST PUBLISHED : February 07, 2023, 22:34 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|