কংগ্ৰেছত লং টাৰ্ম ইনভেষ্টমেণ্ট কৰি থোৱা বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই দাবী কৰাৰ পিছত এইবাৰ কংগ্ৰেছৰ পৰা নিলম্বিত হৈ থকা বিধায়ক শ্বেৰমান আলী আহমেদে (Sherman Ali Ahmed) দিলে আন এক চাঞ্চল্যকৰ তথ্য ৷ শ্বেৰমানে ক'লে- আসন্ন ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছ (Congress)ৰ পাঁচ বিধায়কে BJPক দিব ভোট ৷ পিছে কোন কোন এই পাঁচ বিধায়ক, যি শাসকীয় BJPক দিব ভোট?
কংগ্ৰেছত কৰি থোৱা লং টাৰ্ম ইনভেষ্টমেণ্ট আসন্ন ৰাজ্যসভাৰ নিৰ্বাচনত ব্যৱহাৰ কৰিব বুলি দাবী কৰিছিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ ড° শৰ্মাৰ এই দাবীৰ পিছৰে পৰা চৰ্চাত আছিল- হিমন্ত বিশ্ব শৰ্মাৰ লং টাৰ্ম ইনভেষ্টমেণ্টত কোন কোন কংগ্ৰেছী বিধায়ক? কোন কোন কংগ্ৰেছী বিধায়কে (Congress MLA) দিব BJPক ভোট?
এই চৰ্চা চলি থকাৰ মাজতে বুধবাৰে কংগ্ৰেছৰ পৰা নিলম্বিত হৈ থকা বিধায়ক শ্বেৰমান আলী আহমেদে দিলে আন এক চাঞ্চল্যকৰ তথ্য ৷ বিধায়ক শ্বেৰমানে ক'লে- “পাঁচ কংগ্ৰেছী বিধায়কে দিব BJPক ভোট ৷”
অৱশ্যে BJPক ভোট দিবলগীয়া কংগ্ৰেছী বিধায়ক কেইজনৰ নাম সদৰি নকৰিলে বিধায়ক শ্বেৰমান আলী আহমেদে ৷ বিধায়ক শ্বেৰমানৰ এই চাঞ্চল্যকৰ দাবীৰ পিছতে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই ক'লে- “কংগ্ৰেছৰ বিধায়কসকল এতিয়া দিকভ্ৰান্ত ৷ ৰাজ্যসভাত কোনে কাক ভোট দিয়ে ঠিক নাই ৷”
এনেদৰেই এতিয়া চলিছে আসন্ন ৰাজ্যসভাৰ দুখন আসনৰ হ'বলগীয়া নিৰ্বাচনক লৈ অৰিয়াঅৰি ৷ কোনে কাক সমৰ্থন দিব? কোনে কাৰ ভোট কাটিব বা ভাঙিব- তাৰেই চলিছে জটিল অংক ৷
Published by: Manjumoni Borah
FIRST PUBLISHED : February 09, 2022, 15:25 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।