গুৱাহাটী, ২৩ জানুৱাৰীঃ অসম জাতীয় বিদ্যালয় নুনমাটিৰ স্কাউট ট্ৰুপে আজি মহানগৰীৰ গীতা মন্দিৰ প্ৰাংগণত চাফাই অভিযান চলায়। তেওঁলোকে স্কাউটৰ নীতি পালন কৰি সমাজৰ হকে শ্ৰম আগবঢ়ায়।
উল্লেখযোগ্য যে, স্কাউটসকলে মন্দিৰ প্ৰাংগনক প্লাষ্টিক মুক্ত কৰিবলৈ চেষ্টা কৰাৰ লগতে প্লাষ্টিক ব্যৱহাৰৰ পৰা হ'ব পৰা প্ৰদূষণ আৰু ভয়াৱহতা সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|