মুখ্যপৃষ্ঠা »খবৰ »অসম »ফটাশিল আৰক্ষী থানাৰ ৫আৰক্ষীক ৰিজাৰ্ভ ক্ল'জ DCP দেৱাশীষ বৰাৰ ...

ফটাশিল আৰক্ষী থানাৰ ৫আৰক্ষীক ৰিজাৰ্ভ ক্ল'জ DCP দেৱাশীষ বৰাৰ ...

নিশা বলপূৰ্বকভাৱে ট্ৰাকৰ পৰা ধন সংগ্ৰহৰ অভিযোগ ৫আৰক্ষীৰ বিৰুদ্ধে। DCP দেৱাশীষ বৰাৰ সন্মুখত ধন লোৱাৰ কথা ৫আৰক্ষীয়ে স্বীকাৰ কৰাৰ লগতে ধনখিনি ঘূৰাই দিয়ে ৷

  • Share this:
একাংশ আৰক্ষীৰ বাবে এতিয়া অসমবাসীৰ ওচৰত লজ্জানত হ'বলগীয়া হৈছে সমগ্ৰ অসম আৰক্ষী ৷মুখ্যমন্ত্ৰী কিম্বা নৱনিযুক্ত আৰক্ষী সঞ্চালকপ্ৰধানে অসম আৰক্ষীক সংস্কাৰ সাধনৰ চেষ্টা চলোৱাৰ বিপৰীতে এতিয়াও একাংশ আৰক্ষীয়ে এতিয়াও চলাই গৈছে স্বৈৰাচাৰিতা ৷

অভিযোগমতে শুক্ৰবাৰে নিশা ফটাশিল আমবাৰী আৰক্ষীৰ এটা ৫জনীয়া তহলদাৰী দলে এখন ট্ৰাকৰ পৰা বলপূৰ্বক বাবে সংগ্ৰহ কৰিছিল ৭ হাজাৰ টকা ৷ ট্ৰাকখনৰ গৰাকীয়ে লগে লগে শীৰ্ষ আৰক্ষী বিষয়াক ঘটনা সম্পৰ্কে অৱগত কৰাত লগে লগে DCP দেৱাশীষ বৰাই তলৱ কৰে ৫আৰক্ষীক ৷ DCP দেৱাশীষ বৰাৰ সন্মুখত ধন লোৱাৰ কথা ৫আৰক্ষীয়ে স্বীকাৰ কৰাৰ লগতে ধনখিনি ঘুৰাই দিয়ে ৷ লগে লগে DCP দেৱাশীষ বৰাই ৫আৰক্ষীক ৰিজাৰ্ভ ক্ল'জ কৰে ৷ গুৱাহাটী মাজমজিয়াত নিশা ৰাজপথত আৰক্ষীৰ দ্বাৰা সংঘটিত এই কাৰ্যকলৈ এতিয়া চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি