অসম চৰকাৰৰ হাতত নাই ৰাজ্যত ক’ত, কেতিয়া, কেনেদৰে ভুৱা এনকাউণ্টাৰ (Fake Encounter) সংঘটিত হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয় (Gauhati High Court)ত দাখিল কৰা এক ৰাজহুৱা স্বাৰ্থ জড়িত আৱেদন (PIL)ৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ মহাধিবক্তাক ৰাজ্যখনত ক’ত, কেতিয়া, কিমান আৰু কেনেকৈ ভুৱা এনকাউণ্টাৰ সংঘটিত হৈছিল সেই বিষয়ে এক শপতনামা দাখিলৰ নিৰ্দেশ প্ৰদান কৰিছিল। ৰাজ্যৰ গৃহ সচিবৰ স্বাক্ষৰ সম্বলিত শপতনামা দাখিলৰ নিৰ্দেশ দিছিল মহাধিবক্তাক ৷ পূৰ্বৰ শুনানিত দিয়া এই নিৰ্দেশৰ ভত্তিত ২৫ জানুৱাৰীত মহাধিবক্তাই শপতনামা দাখিল কৰাৰ কথা আছিল যদিও সময়ত এই শপতনামা দাখিলত ব্যৰ্থ হয়।
ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিত শইকীয়াই (Advocate General Debajit Saikia) মঙলবাৰে উচ্চ ন্যায়ালয়ৰ শুনানিত অংশগ্ৰহণ কৰি শপতনামা দাখিলৰ বাবে অতিৰিক্ত ১০টা দিনৰ সময় বিচাৰিছিলে। উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে এনকাউণ্টাৰৰ প্ৰতিটো গোচৰৰ তথ্য বিচাৰিছিল শপতনামা হিচাপে। কিন্তু ৰাজ্য চৰকাৰৰ মহাধিবক্তাই সময়মতে এই শপতানামা দাখিল কৰিব নোৱাৰিলে।
মন কৰিবলগীয়া যে দিল্লীৰ এগৰাকী অধিবক্তাই ৰাজ্যত সংঘটিত হৈ থকা এনকাউণ্টাৰ প্ৰসংগত গুৱাহাটী উচ্চ ন্যায়ালয়ত এক ৰাজহুৱা স্বাৰ্থ জড়িত আৱেদন দাখিল কৰিছিল। এই আৱেদনৰ জৰিয়তে ৰাজ্যত সংঘটিত হোৱা এনকাউণ্টাৰবোৰৰ চি বি আই (CBI) অথবা বিশেষ তদন্তকাৰী কোষৰ জৰিয়তে তদন্ত বিচাৰিছিল অধিবক্তাগৰাকীয়ে।
Published by: Manjumoni Borah
FIRST PUBLISHED : January 26, 2022, 12:43 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।