ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ অংশীদাৰ দল অসম গণ পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ উপ-সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছে প্ৰাক্তন বিধায়ক তাৰাপ্ৰসাদ দাসক। সৰুক্ষেত্ৰী বিধান সভা সমষ্টিৰ পৰা ২০০১ আৰু ২০০৬ চনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অসম বিধান সভালৈ নিৰ্বাচিত হৈছিল তাৰাপ্ৰসাদ দাস।
শেহতীয়াকৈ ২০২১ৰ বিধান সভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছ ত্যাগ কৰি অসম গণ পৰিষদত যোগ দিছিল তাৰা প্ৰসাদ দাসে। যোগদানৰ তিনিমাহ পিছত আঞ্চলিক দলটোৰ নেতৃত্বই প্ৰাক্তন বিধায়ক তাৰাপ্ৰসাদ দাসক দলটোৰ কেন্দ্ৰীয় কমিটিৰ উপ সভাপতি পদ অৰ্পণ কৰে।
অসম গণ পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি মন্ত্ৰী অতুল বৰা স্বাক্ষৰিত পত্ৰখন বৃহস্পতিবাৰে দলটোৰ আনগৰাকী জ্যেষ্ঠ নেতা প্ৰাক্তন মন্ত্ৰী ফণিভূষণ চৌধুৰীয়ে তাৰাপ্ৰসাদ দাসক প্ৰদান কৰে। উল্লেখ্য যে তাৰাপ্ৰসাদ দাস অসম লোক সেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ আছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|