“ছিপাঝাৰৰ গৰুখুটি-ধলপুৰৰ পৰা নদী পাৰ হৈ আহি সন্দেহজনক নাগৰিকে দিছপুৰ সমষ্টিত সোমাইছে ৷ গৰুখুটি আৰু ধলপুৰৰ পৰা উচ্ছেদিত হোৱা মানুহে আহি খোপনি পুতিছে দিছপুৰ সমষ্টিত”- এই দাবী কৰিছে দিছপুৰৰ তথা BJPৰ জেষ্ঠ বিধায়ক অতুল বৰাই ৷
এই সন্দৰ্ভত সাংবাদিকৰে হোৱা বাৰ্তালাপত দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই সোমবাৰে ক'লে- “মই এনেয়ে চাবলৈ নাযাওঁ ৷ মই গ'লে খেদিবলৈ যাম বাংলাদেশীক ৷ গ'লে লগত আৰ্মী, চি আৰ পি এফ আৰু আৰক্ষীক নিব লাগিব। কামবোৰ যিহেতু আমাৰ চৰকাৰে আৰম্ভ কৰিছেই, উপায়ুক্ত, চক্ৰবিষয়াইও কৰক।”
লগতে অতুল বৰাই ক'লে- ”আমাৰ মানুহবোৰ গুৱাহাটীত অহাৰ মানসিকতা বাঢ়িছে সেয়ে গাঁৱবোৰ দখল কৰিছে বাংলাদেশীয়ে ৷ আগতে বাংলাদেশীয়ে চাপৰি দখল কৰিছিল ৷ এতিয়া লাহে লাহে পাহাৰো দখল কৰিবলৈ লৈছে ৷ ডিমৰীয়া, চন্দ্ৰপুৰৰ মাটি সন্দেহজনক বাংলাদেশীয়ে দখল কৰিবলৈ আৰম্ভ কৰিছে ৷ ইয়াক আমি কেতিয়াও কৰিব দিব নোৱাৰোঁ ৷”
Published by: Manjumoni Borah
FIRST PUBLISHED : September 27, 2021, 18:18 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|