Brahmaputra River: মহানগৰীৰ (Guwahati) গাতে লাগি থকা চন্দ্ৰপুৰৰ (Chandrapur) দুমপাৰাত এতিয়া ব্ৰহ্মপুত্ৰৰ খহনীয়াই (Erosion) লৈছে ভয়াৱহ ৰূপ। চন্দ্ৰপুৰৰ দুমপাৰাৰ গৌতম সোনাৰ নামৰ এজন ব্যক্তিৰ এটি বাসগৃহ ইতিমধ্যে নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে।

ব্ৰহ্মপুত্ৰৰ (Brahmaputra River) বাঢ়নী পানীয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত ৰাখিছে গৰাখহনীয়া। গৰাখহনীয়াৰ ফলত ইতিমধ্যে ৰাজ্যৰ বহুহাজাৰ হেক্টৰ কৃষি ভূমি ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ সমান্তৰালকৈ মানুহৰ আবাসগৃহ, স্কুল আদিকে কৰি বহু স্থাৱৰ-অস্থাৱৰ সম্পত্তি ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈছে।
লক্ষ্যণীয় ভাৱে মহানগৰীৰ (Guwahati) গাতে লাগি থকা চন্দ্ৰপুৰৰ (Chandrapur) দুমপাৰাত এতিয়া ব্ৰহ্মপুত্ৰৰ খহনীয়াই (Erosion) লৈছে ভয়াৱহ ৰূপ। চন্দ্ৰপুৰৰ দুমপাৰাৰ গৌতম সোনাৰ নামৰ এজন ব্যক্তিৰ এটি বাসগৃহ ইতিমধ্যে নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে। এফালৰ পৰা বাসগৃহটোৰ ভেটি খহাই নিছে লগতে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে। ফলত বাসগৃহটো সম্পূৰ্ণ নদীৰ বুকুত বিলীন হোৱাৰ শংকাত পৰিয়ালৰ লোকে বাসগৃহটোৰ টিনপাতকে আদি কৰি দেৱালসমূহো এফালৰ পৰা ভাঙিব ধৰিছে আৰু পৰিয়ালৰ লোকে সেই সামগ্ৰীসমূহ অন্য ঠাইলৈ স্তানান্তৰিত কৰিছে। পৰিয়ালৰ লোকে এতিয়া নেদেখা জনৰ ওচৰত কাতৰ প্ৰাৰ্থনা কৰিছে যাতে তেওঁলোকৰ বাসগৃহটোৰ অবশিষ্ট খিনি হলেও বা ভেটিটো হলেও সুকলমে থাকে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|