গুৱাহাটীৰ জি এছ ৰোডত মুক্ত বিচৰণ কৰা হাতীটো আঘাতপ্ৰাপ্ত। গুৱাহাটীৰ সাতগাঁও থানাৰ অন্তৰ্গত অমচাং যোৰাবাটৰ আশ্ৰম বস্তিত সংঘটিত হাতীৰ দলবদ্ধ আক্ৰমণত আহত হয় জি এছ ৰোডত বিচৰণ কৰি থকা হাতীটো। বনৰীয়া হাতীৰ চোকা দাঁতৰ আক্ৰমণত হাতীটোৱে সোঁ ভৰিত আঘাত পায়। ফলত সোঁঁ ভৰিত প্ৰকাণ্ড গাতৰ সৃষ্টি হৈছে।
অমচাং অভয়াৰণ্যৰ ১২ বছৰীয়া এটা হাতী অলপতে গুৱাহাটীৰ জি এছ ৰোডত মুক্ত বিচৰণ কৰা দেখা গৈছিল। হাতীটোক বন বিভাগে কৰায়ত্ত কৰি পুনৰ আমচাং অভয়াৰণ্যত মুকলি কৰি দিছিল। তেতিয়াৰে পৰা হাতীটোৱে আমচাং অভয়াৰণ্যৰ পৰা সাতগাঁও অঞ্চলত মুক্ত বিচৰণ কৰি আছিল।
তিনিদিন পূর্বে আমচাং অভয়াৰণ্যৰ পৰা পুনৰ নামি অহা প্রায় ৩০টা বনৰীয়া হাতীৰ জাকৰ লগত এই হাটীটোৱে চামিল হব বিচৰে। কিন্তু বন্য হস্তীৰ জাকটোৱে ওলোটাকৈ অকলশৰীয়া হাটীটোক আক্ৰমণ কৰি গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত কৰে বুলি বন কৰ্মীয়ে জানিবলৈ দিয়ে।
ইয়াৰ পাছৰে পৰা বনকৰ্মীয়ে অৰ্থাৎ দেওবাৰে নিশাৰ পৰা হাতীটোক তদাৰক কৰি আছিল। হাতীটো চলা-ফুৰা কৰিব নোৱৰাত বন কৰ্মীয়ে ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰে। ইয়াৰ পিছতে চিৰিয়াখানাৰ পৰা অহা এটা চিকিৎসকৰ দলে আঘাতপ্ৰাপ্ত হাতীটোক চিকিৎসা সেৱা আগবঢ়াই আছে।.
Published by: Manjumoni Borah
FIRST PUBLISHED : June 14, 2021, 14:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।