মুখ্যপৃষ্ঠা »খবৰ »অসম »সমষ্টি পুনৰনিৰ্ধাৰণ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ সংবাদমেল, ১৫ এপ্ৰিললৈকে ওজৰ-আপত্তি, পৰামৰ্শ গ্ৰহণ কৰিব আয়োগে

সমষ্টি পুনৰনিৰ্ধাৰণ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ সংবাদমেল, ১৫ এপ্ৰিললৈকে ওজৰ-আপত্তি, পৰামৰ্শ গ্ৰহণ কৰিব আয়োগে

NRC আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ দুয়োটা পৃথক বিষয় উল্লেখ কৰি ৰাজীৱ কুমাৰে কয়, ২০০১ৰ লোকপিয়লত থকা সকল NRCত নাথাকিলেও আমাৰ প্ৰক্ৰিয়াত থাকিব।

NRC আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ দুয়োটা পৃথক বিষয় উল্লেখ কৰি ৰাজীৱ কুমাৰে কয়, ২০০১ৰ লোকপিয়লত থকা সকল NRCত নাথাকিলেও আমাৰ প্ৰক্ৰিয়াত থাকিব।

NRC আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ দুয়োটা পৃথক বিষয় উল্লেখ কৰি ৰাজীৱ কুমাৰে কয়, ২০০১ৰ লোকপিয়লত থকা সকল NRCত নাথাকিলেও আমাৰ প্ৰক্ৰিয়াত থাকিব।

  • Share this:
সমষ্টি পুনৰনিৰ্ধাৰণ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ সংবাদমেল। এই সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কয়, ‘‘জনপ্ৰতিনিধি আইনৰ আধাৰত পুনৰনিৰ্ধাৰণৰ প্ৰক্ৰিয়া চলিছে। খচৰা প্ৰকাশৰ আগতেই আমি শুনানি লৈছো। খচৰা প্ৰকাশৰ পিছতো লোৱা হ’ব, যাতে অংশগ্ৰহণকাৰী বাঢ়ে।’’

‘ৰাজনৈতিক দলসমূহ এই প্ৰক্ৰিয়াৰ শুনানিত মহত্বপূৰ্ণ অংশগ্ৰহণকাৰী। ৰাজনৈতিক দল ৯টা আৰু প্ৰায় ৬০টা সামাজিক সংগঠনৰে আলোচনা কৰা হৈছে। সাহিত্য সভাকে ধৰি বহু সংগঠনে অংশ লৈছিল। আমি যথেষ্ট লাভান্বিত হৈছো এই শুনানিৰ জৰিয়তে। প্ৰশাসনিক বিষয়াৰে বৈঠকো ফলপ্ৰসূ হৈছে৷ আমাৰ কাষলৈ আহিব নোৱাৰা কিছুমানৰ কথা উপায়ুক্তসকলে ৰাখিছে আমাৰ সন্মুখত৷’’

ৰাজীৱ কুমাৰে কয়, ‘‘২০০১ৰ লোকপিয়ল কিয় ল’লে? সমষ্টি কিয় বঢ়োৱা নহয়? STআৰু SCৰ বাবে সংৰক্ষণক লৈ প্ৰশ্ন আহিছে। জনসংখ্যাৰ অসন্তুলতাক লৈও প্ৰশ্ন আহিছে। ২০২৬ত দেশৰ সৈতে একেলগে কিয় নকৰিলে? ২০১১ৰ লোকপিয়ল কিয় লোৱা নাই? খচৰা এখন চলি আছে, সেইমতেই হ’ব নেকি? – এনে প্ৰশ্নও আহিছে শুনানিত। সকলো আহ্বানক গুৰুত্বসহকাৰে লোৱা হৈছে।’’

সংবাদমেলত তেওঁ কয়, নিৰ্বাচন আয়োগক পুনৰ নিৰ্ধাৰণৰ দায়িত্ব ১৫ নৱেম্বৰ ২০২২ত অৰ্পণ কৰা হৈছিল। সংবিধানৰ নিয়ম অনুসৰিয়েই ২০০১ৰ লোকপিয়লৰ ভিত্তিত কৰা হৈছে। সমষ্টি বিধানসভা–লোকসভাত সমান থাকিব। BTR আৰু ষষ্ঠ অনুসূচীত যি নিয়ম আছে সেইখিনি অটুট থাকিব। ১৫ এপ্ৰিললৈকে সকলোৱে সমষ্টি পুনৰ নিৰ্ধাৰণত আপত্তি, পৰামৰ্শ আদি দিব পাৰিব। ভৌগোলিক, ঐতিহাসিক, সাংস্কৃতিক, ৰাজনৈতিক সকলো দিশ চাই এই প্ৰক্ৰিয়া হ’ব৷ দৌৰা–দৌৰিকৈ আমি কৰিব বিচৰা নাই৷ শুদ্ধকৈ কৰিব বিচাৰিছো৷ ২০০১ কিয় কৰা হ’ল সেয়াও সাংবিধানিক নিয়েমেই৷ জন্মু-কাশ্মীৰ আৰু অসমৰ কথাতো পৃথক।’’

কংগ্ৰেছে অনা অভিযোগ সন্দৰ্ভত সংবাদমেলত ৰাজীৱ কুমাৰে কয়, ‘‘আমি উত্তৰ দিম। আমাৰ অভ্যাস হৈ গৈছে শুনি শুনি এনে কাট মৰা কথা। কৰ্ণাটকতো আমি এনে কথা শুনিছো। আমি বিচলিত নহওঁ। যি খচৰাৰ কথা কৈ আছে সেই মতে নহয় একো। সকলোৰে সহযোগিতা আমাৰ বাবে গুৰুত্বপূৰ্ণ। আমি খচৰা প্ৰকাশ কৰিমেই, সন্দেহ কিয়? যিখন খচৰাৰ কথা কৈছে তাতকৈ বহু পৃথক হ’ব, চাই থাকক। যাক যিমান সময় লাগে দিয়া হ’ব।’’

NRC আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ দুয়োটা পৃথক বিষয় উল্লেখ কৰি ৰাজীৱ কুমাৰে কয়, ২০০১ৰ লোকপিয়লত থকা সকল NRCত নাথাকিলেও আমাৰ প্ৰক্ৰিয়াত থাকিব। বৰ্তমান ১৫ এপ্ৰিললৈকে ওজৰ-আপত্তি, পৰামৰ্শ গ্ৰহণ কৰিব আয়োগে৷ তাৰ পৰৱৰ্তী পৰ্যায়ত প্ৰকাশ হ’ব খচৰা৷ খচৰা প্ৰকাশৰ এমাহলৈকে পুনৰ পৰামৰ্শ গ্ৰহণ কৰিব আয়োগে৷ তাৰ পিছত হ’ব সমষ্টি পুনৰ নিৰ্ধাৰণৰ ঘোষণা।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি