সৰ্বশিক্ষাত এটা নিয়ম আছিল ৷ ছাত্ৰ বা ছাত্ৰী কোনোবা শ্ৰেণীত পঢ়াত দূৰ্বল হলেও অনুত্তীৰ্ণ কৰাব নোৱাৰাৰ নিয়ম ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষালৈকে কোনো ছাত্ৰ ছাত্ৰী অনুত্তীৰ্ণ নহৈছিল ৷
কিন্তু এতিয়াৰেপৰা সলনি হৈছে সৰ্বশিক্ষাৰ নিয়ম ৷ পঞ্চম আৰু অষ্টম শ্ৰেণীত ছাত্ৰ বা ছাত্ৰীয়ে অনুত্তীৰ্ণ হলে দুমাহৰ ভিতৰত বহিব লাগিব আন এটা পৰীক্ষাত ৷ সেই পৰীক্ষাতো যদি উক্ত ছাত্ৰ বা ছাত্ৰীগৰাকী উত্তীৰ্ণ হ'ব নোৱাৰে তেন্তে পুনৰ সেই শ্ৰেণীতে থাকিব লাগিব আৰু এটা বছৰ ৷ উল্লেখযোগ্য যে শুক্ৰবাৰে সমগ্ৰ দেশৰ লগতে গুৱাহাটী কলাক্ষেএত কেন্দ্ৰীয়ভাৱে আয়োজিত পৰীক্ষা পে চৰ্চা অনুষ্ঠানত উপস্থিত থাকি এই ঘোষণা কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ৷
Published by: Kokil Sarma
FIRST PUBLISHED : January 27, 2023, 22:39 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|