গণৰাজ্য দিৱসৰ নিশা মহানগৰীৰ ৰাজপথত উদণ্ড যুৱকৰ উদ্ভণ্ডালি ৷ পৃথক পৃথক দুই স্থানত সুৰাপায়ী যুৱকৰ মাৰপিটৰ ঘটনা ৷ মাতাল যুৱকৰ আক্ৰমণৰ বলি ব্যৱসায়ীক প্ৰতিষ্ঠানৰ কৰ্মচাৰী ৷ চি চি কেমেৰাত আবদ্ধ উদণ্ড যুৱকৰ মাৰপিটৰ ভয়ংকৰ দৃশ্য ৷
প্ৰথম দৃশ্য মহানগৰীৰ ৰাজগড়ৰ ৷ ৰাজগড়ৰৰ ব্যৱসায়ী প্ৰতিষ্ঠান CHAA SOTTAত আক্ৰমণ ১০ জনীয়া উদণ্ড যুৱকৰ ৷ প্ৰথমে চাহ বিচাৰি প্ৰতিষ্ঠান খনত বাকযুদ্ধ যুৱকৰ দলটোৰ ৷ তাৰপিছত হঠাৎ অগ্নি শৰ্মা এইগৰাকী ৰঙা কূৰ্তা পৰিধান কৰা যুৱক ৷ প্ৰতিষ্ঠানৰ চকী হাতত তুলি লৈ আক্ৰমণৰ চেষ্টা প্ৰতিষ্ঠান তথা কৰ্মচাৰীৰ ওপৰত ৷ প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ সৈতে যুৱকৰ হতাহতিত আহত প্ৰতিষ্ঠানৰ কৰ্মচাৰী ৷ ৰাজগড়ৰ ঘটনাৰ সমান্তৰালকৈ দুপৰ নিশা জোনালীত খণ্ডযুদ্ধ দুই যুৱক দলৰ ৷ পদপথত আৰম্ভ হোৱা যুদ্ধ অৱশেষত চলিল ৰাজপথত ৷ দুই পক্ষৰ প্ৰচণ্ড বাকযুদ্ধ মাৰপিট আঘাতপ্ৰাপ্ত কেইবাগৰাকীও যুৱক ৷ ৰাজপথত সত্ৰাস সৃষ্টিকাৰী দুৰ্বৃত্তৰ দলটোৰ কোনো খবৰে নাপালে কিছু নিলগত থকা গীতানগৰ আৰক্ষীয়ে ৷ ৰাজগড়ৰ ঘটনাৰ মাজত মাত্ৰ কিছু সময় ব্যৱধান দ্বীতিয়টো ঘটনাৰ ৷ পিছে, ৰহস্যজনকভাৱে ৰাজপথত দুটাকৈ ঘটনাৰ সূত্ৰপাত কোনো এজন দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম নহ'ল মহানগৰ আৰক্ষীয়ে ৷ ইমানেই নহয় ভুক্তভোগী প্ৰতিষ্ঠানৰ পৰাও আনকি আৰক্ষীত দাখিল নহ'ল উদণ্ড যুৱকৰ বিৰুদ্ধে অভিযোগ ৷
Published by: Kokil Sarma
FIRST PUBLISHED : January 28, 2023, 03:03 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।